কেৱল এটা ফোন কল আৰু সেই কলটোৰ বাবেই ৰক্ষা পৰিল ১২ জন শ্ৰমিকৰ জীৱন

মৃত্যুৰ মুখৰ পৰা উভতি আহিছে ১২জনীয়া শ্রমিকৰ দল

উত্তৰাখণ্ড দুৰ্যোগৰ বলি হোৱা বিদ্যুৎ প্ৰকল্পৰ কৰ্মচাৰী ৰাকেশ ভট্টে এই কথা জানিবলৈ দিয়ে । যোশীমঠৰ বাবা বদ্ৰীৰ মন্দিৰৰ ওচৰতে তেওঁৰ ঘৰ। তেওঁ আৰু আন ১১ জন শ্ৰমিকৰ স’তে দেওবাৰে তাপোবান বিদ্যুৎ প্ৰকল্পৰ বাবে নিৰ্মিত এটা সুৰংত কাম কৰি আছিল।

হঠাৎ, কৰ্মচাৰীসকলৰ চিঞৰ শুনিছিল ৰাকেশে আৰু তেওঁলোকক অতি সোনকালে সুৰংৰ পৰা ওলাই যাবলৈ কোৱা হৈছিল।ৰাকেশে কৈছিল, “মই বিষয়টো বুজি পোৱাৰ আগতে পানী আৰু বোকা ইতিমধ্যে সুৰংগত প্ৰৱেশ কৰিবলৈ আৰম্ভ কৰিলে আৰু পানীৰ উচ্চতা বাঢ়িবলৈ ধৰিলে । সন্মুখত এখন জেচিবি আছিল। যাৰ ওচৰতে কৰ্মচাৰীসকলে কাম কৰি আছিল। পানী বঢ়াৰ লগে লগে, সকলোৱে জেচিবিত উঠিছিল।

ৰাকেশে কয়, “কিছু সময়ৰ ভিতৰতে আন্ধাৰ হৈ পৰিছিল সমগ্র পৰিৱেশ। আমি কোনেও কাকো দেখা পোৱা নাছিলো। কেৱল বুজিবলৈ চেষ্টা কৰি আছিলোঁ যে সকলো ঠিকে আছে নে নাই। পানী ক্ৰমান্বয়ে বাঢ়ি গৈ থাকিল হঠাতে তেওঁলোকৰ এজনে কেনেবাকৈ পকেটত থকা ম’বাইলটো বিচাৰি পালে আৰু সেইটোৱেই আমাৰ বাবে ‘বিশল্যকৰ্ণৰী’ৰ দৰে কাম কৰিলে।”

তেওঁ কয়, “সেই ফোনটোত নেটৱৰ্কৰ থকাৰ বাবেই, ই আমাৰ জীয়াই থকাৰ সম্ভাৱনা বৃদ্ধি কৰিছিল।” জেনেৰেল মেনেজাৰক লগে লগে ফোন কৰি আমাৰ অৱস্থাৰ বিষয়ে অৱগত কৰা হয়।

“আনহাতে পানীৰ বৃদ্ধিয়ে আমাৰ সমগ্ৰ শৰীৰক ঢাকি ৰাখিছিল। মই কেৱল মোৰ মূৰটো কোনো মতে ওপৰত ৰাখিছিলো। মই প্ৰাৰ্থনা কৰি আছিলো যে আমাক যাতে কোনোৱে উদ্ধাৰ কৰে। “

শৰীৰৰ তলৰ অংশটো অত্যাধিক ঠাণ্ডাত শীতল হৈ আছিল। ৰক্তক্ষৰণ ভালদৰে হোৱা নাছিল। প্ৰতিটো মুহূৰ্তত এনে লাগিছিল যেন লোৰ ৰডৰ পৰা হাত এৰা খাই যাব কিন্তু ৰাকেশে কৈছিল যে তেওঁ এবছৰীয়া সন্তানৰ বিষয়ে চিন্তা কৰিয়ে তেওঁ জীৱন যুদ্ধ অব্যাহত ৰাখিছিল। তেওঁ কয়, “মই ৰডত প্ৰায় সাত ঘণ্টা ধৰি আছিলো দিনৰ ১০ বজাৰ পৰা পাঁচ বজালৈ ৰড দাল ধৰি ওলমি আছিলোঁ । সকলোৰে একে অৱস্থা। কিন্তু কোনেও জীৱন যুঁজত হাৰ মনা নাছিল। “

অন্যহাতে, জেনেৰেল মেনেজাৰে কলটো পোৱাৰ লগে লগে স্থানীয় প্ৰশাসনৰ স’তে যোগাযোগ কৰিছিল। তেওঁলোকে উদ্ধাৰকাৰীসকলক অৱগত কৰিছিল। বহু প্ৰচেষ্টাৰ পিছত আই টি বি পি জোৱানসকলে সুৰঙ্গত প্ৰৱেশ কৰিব পাৰে। কাৰণ সুৰংগৰ মুখখন প্ৰায় বন্ধ আছিল। তেওঁলোকে ১২ জন লোকক এমন এজনকৈ জীৱন্তে উদ্ধাৰ কৰে আৰু সকলোকে চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়।

উত্তৰাখণ্ডৰ এইচডিপিএ বানে চামোলিৰ কেইবাটাও অঞ্চল দেওবাৰে লণ্ডভণ্ড কৰে। ১৫০ ৰো অধিক এতিয়াও সন্ধানহীন হৈ আছে আৰু ৩২ জন লোকৰ মৃতদেহ ইতিমধ্যে উদ্ধাৰ কৰা হৈছে। ১২ জন লোকক সুৰংগৰ পৰা জীৱিত উদ্ধাৰ কৰা হয়। উদ্ধাৰকাৰীসকলে তাপোবানৰ আন এটা সুৰংগৰত আৱদ্ধ শ্ৰমিকসকলক ৰক্ষা কৰিবলৈ দিন-ৰাতি কাম চেষ্টা চলাই আছে। সময় যোৱাৰ লগে লগে, আৱদ্ধ শ্ৰমিকসকলৰ বিষয়ে ভয় বাঢ়ি গৈ আছে।

Exit mobile version