খীৰতি গাইত পৰিণত চৰকাৰী জনস্বাস্থ্য কাৰিকৰী বিভাগ

kasuwa

আঁচনি পুনৰ মেৰামতিৰ নামত লক্ষ লক্ষ টকাৰ অপচয় : তথ্যফলক বিহীনভাৱে চলাইছে ১৯০০ কৈ পানী যোগান আঁচনি নিৰ্মাণৰ কাম নগাঁৱৰ কঁঠিয়াতলীত নগাওঁ জিলাৰ জনস্বাস্থ্য কাৰীকৰি বিভাগৰ কঠীয়াতলী উপসংমণ্ডল বিষয়া কার্যালয়ৰ অন্তৰ্গত কচুৱা অঞ্চলৰ পাচঁটাকৈ খােৱাপানী যােগান আঁচনিসমূহ বিভাগীয় ঊর্ধতম কতৃপক্ষৰ আৰু ঠিকাদাৰসকলৰ বাবে খীৰতীগাই তথা সােণৰ কণী দিয়া হাঁহত পৰিণত হােৱা পৰিলক্ষিত হৈছে ।

প্রত্যক্ষ কৰি পোৱা তথ্যমতে গেৰজাইপাম গাঁও পঞ্চায়তৰ গেৰজাইপাম গাঁৱত খােৱাপানী যোগান আঁচনি-নং১, ১৯৮৯ত স্থাপন কৰি পানী উত্তোলক মটৰ, এজন অপাৰেটৰ থাকিবলৈ এখন গৃহ আৰু পানীৰ টেংক সংযােগী হােৱাকৈ ১নং কচুৱা আৰু গেৰজাইপাম গাঁৱত দুই কিলােমিটাৰ ব্যাপি পাইপ আৰু পানীৰ টেপ বহুৱা হৈছিল ৷

একেদৰে পঞ্চায়তখনৰ বিৰিঙাআটি গাঁৱতাে খােৱাপানী যােগান আচঁনি( নং-২ )খনাে ১৯৯৫ত স্থাপন কৰিছিল । এইখনটো পানী উত্তোলক মটৰ, অপাৰেটৰ থাকিবলৈ এখন গৃহ, পানীৰ টেংক সংযােগী পাইপ আৰু পানীৰ টেপসমূহ বিৰিঙাআটি তথা সােনাৰুগুৰি গাঁৱত তিনি কিলােমিটাৰ ব্যাপি বহুৱা হৈছিল। পৰিতাপৰ কথা হ’ল পানীযােগান আঁচনি দুখন স্থাপন কৰা দিনাখনৰপৰা বিগত ২৫-৩০ বছৰ ধৰি খােৱাপানী আঁচনি দুখন পৰিত্যক্ত অৱস্থাত পৰি থকাৰ লগতে আঁচনি দুখনৰ পৰা ৰাইজে এটুপিও পানী পাবলৈ সক্ষম হােৱা নাই।

উল্লেখ্য যে, কিছু বছৰ পিছে পিছে একাংশ ঠিকাদাৰে বিভাগীয় কৰ্তৃপক্ষৰ সৈতে মিলি এই খােৱা পানী আচঁনি দুখন মেৰামতিৰ নামত ৰাজভড়ালৰ ধন অপচয় কৰি থকাটো এক সাধাৰণ ঘটনাত পৰিণত হৈছে । ইতিমধ্যে এই আচঁনি দুখনৰ ওপৰিও বিগত আঠ বছৰ পূর্বে চানখােলা গাঁৱতাে স্থাপন কৰা পানী যােগান আঁচনিখনৰ সৈতে মুঠ তিনিখন খােৱাপানী যােগান আচঁনিৰ পুনৰ মেৰামতিৰ নামত বাউণ্ডেৰী দেৱাল, পানীৰ টেংক, অপাৰেটৰ থকা গৃহ নির্মাণ, পুনৰ পাইপ আৰু টেপ বহুৱা কাম চলাই থকা পৰিলক্ষিত হৈছে, যদিও ৰাইজে কিন্তু খাবলৈ পানী এটুপিও যে নাপাব সেইটো খাটাং।

লক্ষ্যণীয় কথা হ’ল মেৰামতি কৰি থকা আচঁনি তিনিখনৰ চৌহদ, দেৱাল, গৃহ নির্মাণ কৰা ইটাসমূহ নিকৃষ্টমানৰ হােৱাৰ লগতে দেৱালৰ ওপৰত দিয়া তাঁৰৰ ফেন্সিং বেৰটো দুর্বল হােৱাত ৰাইজে কামত বাধা দিয়াত ফেন্সিং তাঁৰৰ বেৰ সলাবলৈ ঠিকাদাৰ বাধ্য হৈছে । আনহাতে, তথ্য জনাৰ অধিকাৰ আইন চলি থকাৰ সময়তাে নির্মিয়মান আঁচনি তিনিখনত কিমান টকা আৱন্টন দিয়া হৈছে তাৰাে কোনাে তথ্য ফলক নির্মাণ কৰা নাই অসাধু ঠিকাদাৰ অভিযন্তাই ।

এইদৰে কোনাে দিনেই ৰাইজে খাবলৈ এটুপি পানী নােপােৱা তিনিওখন খােৱা পানী যােগান আঁচনিৰ বিপৰীতে লক্ষ লক্ষ টকা আৱন্টন কৰাই ঠিকাদাৰ বিষয়া-অভিযন্তাসকলে খীৰতি গাই গৰু হিচাপে ব্যৱহাৰ কৰি আহিছে। ইফালে বিগত ১৫ বছৰ পূর্বে জুৰিৰপাৰ গাঁৱত আৰু বিগত দুবছৰ পূর্বে জুকুটাত স্থাপন কৰা খােৱানী যােগান আঁচনি দুখনাে পৰিত্যক্ত অৱস্থাত পৰি আছে ।

উল্লেখিত পাচঁখন খােৱাপানী যােগান আচঁনিৰ পৰা স্থানীয় ৰাইজে এটুপি খােৱা পানী পাবলৈ সক্ষম হােৱা নাই । ঠিকাদাৰসকলে পানী যােগান আঁচনিসমূহ নির্মাণ কৰি থৈ যােৱাৰ পাছত ৰাইজে পানী পাইছে নে নাই সেই খবৰ লােৱাৰ কোনাে প্রয়ােজনবােধ নকৰে বিষয়া ঠিকাদাৰসকলে ।

সম্প্রতি কঠীয়াতলী জনস্বাস্থ্য কাৰীকৰি উপসংমণ্ডল বিষয়া কার্যালয়ৰ অধীনত তথ্য ফলক বিহীনকৈ ১৯ খন খােৱা পানী যােগান আঁচনি এনেদৰে মেৰামতি কৰি থকা পৰিলক্ষিত হৈছে। সেয়ে বিষয়টোৰ ওপৰত অহা বিধানসভা অধিবেশণত বিভাগীয় মন্ত্ৰীৰ পৰা ৰহা আৰু বঢ়মপুৰ সমষ্টিৰ বিধায়কদ্বয়ক তথ্য সংগ্রহ কৰি উচ্চ পর্যায়ৰ তদন্ত মর্মে এই খােৱা পানী আঁচনিসমূহৰ পৰা ৰাইজে পানী পােৱাৰ ব্যৱস্থা কৰি দিবলৈ অনুৰােধ জনাইছে।

Exit mobile version