কালি বাগসা জিলাৰ শালবাৰী মহকুমাৰ অন্তৰ্গত জাখলিবিল পাৰত শালবাৰী মহকুমা খাদ্য অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ উদ্যোগত ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইন-২০১৩ৰ অধীনত হিতাধীকাৰীক নতুনকৈ মুদ্ৰিত ৰেচন কাৰ্ড বিতৰণী সভা অনুষ্ঠিত হৈ যায় ৷
বিশিষ্ট সমাজকৰ্মী বীৰেন মুছাহাৰীৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত মুখ্য অতিথি হিচাপে উপস্থিত থাকি ভাষণ ৰাখে স্থানীয় মথনগুৰি পৰিষদীয় সমষ্টিৰ এমচিএলএ তথা বিটিআৰৰ কাৰ্যবাহী সদস্য গৌতম দাসে৷ সভাখনত শালবাৰী মহকুমা খাদ্য অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ জ্যেষ্ঠ পৰিদৰ্শক প্ৰণৱজ্যোতি ভূঞা, হাউলী মণ্ডল বিজেপিৰ সভাপতি দীপক দাস, দেৱব্ৰত সৰকাৰৰ লগতে মহকুমাটোৰ অন্তৰ্গত ডীলাৰসকল, হিতাধিকাৰী আৰু যথেষ্ট সংখ্যক লোক উপস্থিত থাকে৷