বাদুলি বৈজ্ঞানিকসকলৰ কৰ’না ভাইৰাছ সন্দৰ্ভত নতুন সন্ধান

1234db0b20596ba6760ec0fdb6472ba0

বাদুলি বৈজ্ঞানিকসকলে এবিধ ভাইৰাছ আৱিষ্কাৰ কৰিছে যাৰ পূৱ থাইলেণ্ডৰ এটা বন্যপ্ৰাণী অভয়াৰণ্যত বাদুলিৰ শৰীৰত উপলব্ধ ক’ভিড-১৯ৰ স’তে সমিল আছে । তেওঁলোকে সেই একেই ভাইৰাছ বহু এছিয় দেশ তথা অঞ্চলৰ বাদুলিবোৰত উপস্থিত থকা বুলি সন্দেহ প্ৰকাশ কৰিছে । সম্বন্ধিত ভাইৰাছ থকা চাৰি হেজাৰ আঠশ কিলোমিটাৰ লৈকে এই গৱেষণা বিস্তাৰ কৰা হৈছে । এই গৱেষণাই কিদৰে ক’ভিড-১৯ বিয়পিল তাৰ সম্ভেদ দিয়ে ।

গৱেষকসকলে কয় যে, নমুনা সীমাবদ্ধ আছিল কিন্তু, তেওঁলোক আত্মবিশ্বাসী আছিল যে কৰ’না ভাইৰাছৰ ছাৰছ-চিঅ’ভি-২ৰ স’তে জিনীয় সম্পৰ্কযুক্ত বাদুলি এছিয়াৰ বিভিন্ন দেশ আৰু অঞ্চলত ব্যাপকভাৱে উপলব্ধ । এই অঞ্চলত জাপান, চীন আৰু থাইলেণ্ড অন্ত্ৰৰ্ভুক্ত হৈ আছে ।

পূৰ্বৰ অধ্যয়নত পোৱা যায় যে, ছাৰছ-চিঅ’ভি-২ মানুহলৈ বিয়পাৰ পূৰ্বে বাদুলি সদৃশ প্ৰাণীৰ দেহত উদ্ভৱ হৈছিল । ভাইৰাছবিধৰ সঠিক উৎস বৰ্তমানেও চিনাক্ত হোৱা নাই । বিশ্ব স্বাস্থ্য সংস্থা (হু)ৰ এটা আয়ুগৰ দ্বাৰা এই সন্দৰ্ভত তদন্ত অব্যাহত আছে ।

শেহতীয়াকৈ ইউনিৰ্ছিটি অৱ ছিংগাপুৰৰ অধ্যাপক লিন-ফা-ৱাঙৰ নেতৃত্বাধীন এক গৱেষণা অনুসৰি, থাইলেণ্ডৰ বন্যপ্ৰাণী অভয়াৰণ্যৰ এটা কৃত্ৰিম গুহাত থকা হৰছেশ্ব’ বাদুলিৰ শৰীৰত ছাৰছ-চিঅ’ভি-২ৰ সদৃশ ভাইৰাছৰ সম্ভেদ পোৱা গৈছে । ভাইৰাছবিধ ৰেকচিএছ২০৩ নামে নামকৰণ কৰা হৈছে । এইবিধ ভাইৰাছৰ ছাৰছ-চিঅ’ভি-২ৰ জেনেটিক ক’ডৰ স’তে ঘনিষ্ঠ সম্পৰ্ক আছে । তেওঁলোকৰ জিনমৰ ৯১.৫ শতাংশ মিল আছে ।

ইয়াৰ আৰএমৱাইএন০২ ভাইৰাছৰ স’তে নিবিড় সম্পৰ্ক আছে । আৰএমৱাইএন০২ ভাইৰাছ ইউনান চীনা বাদুলিৰ শৰীৰত পোৱা যায় ।

অধ্যাপক ৱাঙে কয়, ‘আমি প্ৰাণীবোৰৰ ওপৰত দৃষ্টি নিৱদ্ধ কৰা প্ৰয়োজন । সঠিক উৎস চিনাক্ত কৰিবৰ বাবে চীনৰ সীমাৰ বাহিৰতো দৃষ্টি নিক্ষেপ কৰিব লাগিব ।’

Exit mobile version