কৃষি কৰ্মৰ জড়িয়তে স্বাৱলম্বীতাৰ নিদৰ্শন দেখুৱাইছে বাগসা জিলাৰ মুছলপুৰৰ এগৰাকী খেতিয়কে ৷ কেৱল ষ্ট্ৰবেৰী খেতিৰে বছৰি উপাৰ্জন কৰি আহিছে লক্ষাধিক টকা ৷ বাগসা জিলাৰ মুছলপুৰ মহকুমাৰ অন্তৰ্গত বৰিমাখা গাঁওৰ এই কৃষকগৰাকীৰ নাম হৈছে দিপুল বড়ো ৷ দিপুল বড়ো এগৰাকী প্ৰগতিশীল খেতিয়ক ৷
ধান মাহৰ লগতে উদ্যান শস্যৰ খেতি কৰি ভাল পায় দিপুল বড়োয়ে । তেওঁ বিগত ছয় বছৰ ধৰি ষ্ট্ৰবেৰী ফলৰ খেতি কৰি আহিছে আৰু ইয়াৰ পৰা অধিক লাভান্বিত হৈ আহিছে ৷ বিগত বৰ্ষত লকডাউনৰ মাজতো দিপুল বড়োৱে ষ্ট্ৰবেৰী বিক্ৰী কৰি লক্ষাধিক টকা উপাৰ্জন কৰিবলৈ সক্ষম হয় ৷ এইবাৰো দিপুল বড়োৱে প্ৰায় পাঁচ হাজাৰ ষ্ট্ৰবেৰী পুলি ৰোপন কৰিছে ৷
সম্প্ৰতি কিছু ফল পকিছে আৰু তাৰে কিছুমান পেকেটিং কৰি বৰ্তমান বিভিন্ন বজাৰত বিক্ৰী কৰি আহিছে দিপুল বড়োৱে।বড়োৱে কোৱা মতে প্ৰতি কিলো ষ্ট্ৰবেৰী ৪০০ টকা দৰত গুৱাহাটীৰ বিভিন্ন স্থানলৈ পঠাই দিয়াৰ উপৰিও মুছলপুৰ, বৰমা, নিকাছী আদি সাপ্তাহিক বজাৰত বিক্ৰী কৰি আহিছে ৷
বিগত বছৰতকৈ এইবেলি তেওঁ খেতিডৰাকলৈ অধিক আশাবাদী ৷ বিগত বছৰতকৈ এইবেলি অধিক টকা পাব বুলি জনাইছে বড়োয়ে ৷ সম্প্ৰতি দিপুল বড়োৱে ষ্ট্ৰবেৰীৰ উপৰিও ড্ৰেগন ফ্ৰুইটচ আৰু উন্নতজাতৰ বগৰীৰ খেতিও আৰম্ভ কৰিছে ৷ কৃষি বিভাগৰ পৰা অৱশ্যে এই সন্দৰ্ভত তেওঁ কিছু পৰামৰ্শ আৰু কৃষিজাত সজুলি লাভ কৰাত কাম কৰিবলৈ উৎসাহ বাঢ়িছে দিপুলৰ ৷
তেওঁৰ মতে চাকৰিৰ পিছে পিছে ধন ভেটি দি দৌৰি থকাতকৈ আজি যুৱ প্ৰজন্মই কৃষি কাৰ্যত মনোনিবেশ কৰিলে নিবনুৱা শব্দটোৰ পৰা বহু দূৰত থকাৰ লগতে দুপইচা হাততো থাকিব ৷