চিৰাঙৰ পানবাৰীত মাৰাণাস্ত্ৰ উদ্ধাৰ। জিলা আৰক্ষী অধীক্ষক সুধাকৰ সিঙে এই সন্দৰ্ভত কয় যে, গোপন তথ্যৰ ভিত্তিত চিৰাং জিলাৰ পানবাৰী থানাৰ অন্তৰ্গত মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত হাবিৰ মাজত আমলাইগুৰীৰ পৰা পুতি থোৱা অৱস্থাত উদ্ধাৰ কৰা হয় মাৰাণাস্ত্ৰসমূহ ।
জিলা সদৰ অতিৰিক্ত আৰক্ষী অধীক্ষক প্ৰকাশ মেধিৰ নেতৃত্বত চলা অভিযানত বিজনী মহকুমা আৰক্ষী বিষয়া শ্বেখৰজ্যোতি ৰায়, পানবাৰী চক্ৰ আৰী বিষয়া ৰফিকুল হাছান চৌধুৰী, পানবাৰী থানাৰ অচি উত্তম কুমাৰ দলে আৰু ১৫৬ বেটেলিয়ন চিআৰপিএফৰ যৌথ অভিযান গোটেই নিশা চলিছিল অৱশেষত পুৱা ৪.৩০ বজাত এইসমূহ অস্ত্ৰ উদ্ধাৰ হয়।
উদ্ধাৰ হোৱা অস্ত্ৰৰ মাজত দুটা একে ৫৬ আৰু দুটা মেগজিন, এটা এম ২০ পিষ্টল আৰু এটা মেগজিন, একেৰ সক্ৰিয় গুলি ৫৫ জাঁই, নাইন এম এমৰ সক্ৰিয় গুলি দুই জাঁই উদ্ধাৰ হয়।
আৰক্ষী অধীক্ষকগৰাকীয়ে কয় যে, উক্ত অঞ্চলত যিহেতু এনডিএফবি (ছা)ৰ নেতা জি বিদাইৰ আহ জাহ আছিল সেয়ে এই অস্ত্ৰসমূহ এনডিএফবিৰ বুলি সন্দেহ কৰে। এতিয়ালৈ কাকো গ্ৰেপ্তাৰ কৰা নাই যদিও আৰক্ষীৰ তদন্ত অব্যাহত আছে বুলি জনায় আৰক্ষী অধীক্ষকজনে।