আজি বাগসা মথনগুৰি পৰিষদীয় সমষ্টিৰ অন্তৰ্গত বাৰাপেটা কলবাৰী গাঁওত পথ নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰে মথনগুৰি সমষ্টিৰ এমচিএলএ তথা বিটিআৰৰ সমাজ কল্যাণ বিভাগৰ কাৰ্যবাহী সদস্য গৌতম দাসে ৷
বাৰাপেটাস্থিত শংকৰদেৱ শিশু নিকেতনৰ পৰা বাৰাপেটা দৌল মন্দিৰলৈ যোৱা পথছোৱা নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰাৰ পিছতে ৰাইজৰ স’তে এক মত বিনিময় সভাত অংশগ্ৰহণ কৰে গৌতম দাসে৷
অসম চৰকাৰৰ পৰা লাভ কৰা ১৩ কোটি টকীয়া পূঁজিৰ অংশ হিচাপে উক্ত পথচোৱা নিৰ্মাণ কৰা হ’ব বুলি জানিবলৈ দিয়ে গৌতম দাসে ৷সমষ্টি উন্নয়নৰ অৰ্থে এই পূঁজি প্ৰদান কৰাৰ বাবে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, স্বাস্থ্য মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ লগতে স্থানীয় সৰভোগ সমষ্টিৰ বিধায়ক ৰঞ্জিত দাসৰ শলাগ লয় নেতাগৰাকীয়ে ৷
ইয়াৰোপৰি বিটিআৰ প্ৰধান প্ৰমোদ বড়োৰ নেতৃত্বতো বিভিন্ন উন্নয়নমূলক কাম সমষ্টিত কৰি যাব বুলি আশ্বাস প্ৰদান কৰে বিটিআৰৰ কাৰ্যবাহী সদস্য গৰাকীয়ে৷