ম্যানমাৰ সন্দৰ্ভত জৰুৰী বৈঠক ৰাষ্ট্ৰসংঘত

Myanmar protest

প্ৰতিবাদকাৰীসকলক বাধা প্ৰদান কৰিবৰ বাবে সেনাই ব্যাপক হাৰত বল প্ৰয়োগ কৰিছে বুলি অভিযোগ উত্থাপন কৰি ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ হস্তক্ষেপ দাবী কৰিছে ম্যানমাৰ নিযুক্ত ৰাষ্ট্ৰসংঘৰ মানৱাধিকাৰ সংক্ৰান্ত তদন্তকাৰী বিষয়া টমাছ এণ্ড্ৰুছে । সেয়ে ৰাষ্ট্ৰসংঘক পত্ৰ লিখিলে ম্যানমাৰ সদনৰ তিনিশজন সদস্যই ।

সেনা অভ্যুত্থানৰ ফলত দেশৰ মানৱাধিকাৰ লংঘনৰ বিষয়টো কোন পৰ্যায় পাইছে, সেয়া মানৱাধিকাৰ পৰিষদক তদন্ত কৰাৰ বাবে আহ্বান জনায় জেনিভাৰ সদৰ কাৰ্যালয়ৰ ঠিকনাত আবেদন  প্ৰেৰণ কৰিছে এমপিসকলে ।

ইফালে শনিবাৰে দ্বিতীয় সপ্তাহ হ’ল সেনাৰ বিৰুদ্ধে চলা গণতন্ত্ৰকামীসলৰ বিক্ষোভ প্ৰদৰ্শন । এমপিসকলে পত্ৰ প্ৰেৰণ কৰাৰ পাছতেই শুক্ৰবাৰে জৰুৰী বৈঠক অনুষ্ঠিত কৰা হয় ৰাষ্ট্ৰসংঘৰ সদৰ কাৰ্যালয়ত । বৈঠকত পত্ৰখন পাঠ কৰে ৰাষ্ট্ৰসংঘত নিযুক্ত ব্ৰিটেইনৰ প্ৰতিনিধি জুলিয়ান ব্ৰেথৱেটে । মানৱাধিকাৰ পৰিষদক অতি শীঘ্ৰে ম্যানমাৰত তদন্ত আৰম্ভ কৰাৰ আৰ্জি জনায় তেওঁ ।

ম্যানমাৰৰ নিযুক্ত ৰাষ্ট্ৰসংঘৰ মানৱাধিকাৰ সংক্ৰান্ত তদন্তকাৰী বিষয়া টমাছ এণ্ড্ৰুছে বৈঠকত জনায়, ম্যানমাৰত তদন্তকাৰীসকলৰ প্ৰৱেশ তথা অন্য কোনো ধৰণে তথ্য সংগ্ৰহৰ চেষ্টা নিষিদ্ধ কৰিছে সেনাই । অৱশ্যে ছবি আৰু ৰিপ’ৰ্টৰ দৰে বিভিন্ন প্ৰমাণ প্ৰকাশ্যত অহাক বাধা আৰোপ কৰিব নোৱাৰি । যাৰ দ্বাৰা স্পষ্ট কিদৰে আন্তৰ্জাতিক আইনক উলংঘা কৰি জনতাৰ ওপৰত গুলী চালনা কৰিছে সেনাই ।

ম্যানমাৰবাসীক এই পৰিস্থিতিৰ পৰা উদ্ধাৰ কৰিবৰ বাবে ৰাষ্ট্ৰসংঘক দেশখনৰ ওপৰত আৰ্থিক নিষেধাজ্ঞা আৰু অস্ত্ৰ ৰপ্তানিৰ ক্ষেত্ৰত নিষেধাজ্ঞা জাৰি কৰাৰ লগতে, সামৰিক নেতৃত্বৰ গতিবিধি নিয়ন্ত্ৰণৰ বিষয়টোৰ প্ৰতিও গুৰুত্ব আৰোপ কৰিবৰ বাবে অনুৰোধ জনায় এণ্ড্ৰুছে ।

নিৰাপত্তা পৰিষদৰ ৪৭ জন সদস্যই ভোটৰ ভিত্তিত বন্দীসকলক ‘নিঃচৰ্তে আৰু অবিলম্বে মুক্তি’ৰ দাবী সংক্ৰান্তত এটা প্ৰস্তাৱ পাছ কৰে । দেশত ইণ্টাৰনেট পৰিসেৱাৰ ওপৰত নিষেধাজ্ঞা উঠাই দিয়াৰ লগতে মানৱাধিকাৰ বিষয়ত পৰ্যৱেক্ষণ কৰিবৰ বাবে সংশ্লিষ্ট অধিকাৰীসকলৰ প্ৰৱেশাধিকাৰ প্ৰদানৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে প্ৰস্তাৱত ।

Exit mobile version