বৃদ্ধি পাইছে ‘কু’ৰ জনপ্ৰিয়তা

2021 02 10T143551Z 1 LYNXMPEH1919D RTROPTP 3 TWITTER INDIA KOO 1613519067438 1613519074462

এফালে টুইটাৰ আৰু চৰকাৰৰ দ্বন্দ । আনফালে, জনপ্ৰিয়তা বৃদ্ধি পাইছে ‘কু’ এপৰ । ১২ ফেব্ৰুৱাৰীৰ পৰা পাঁচ দিনত প্ৰায় ন লাখ নতুন ব্যৱহাৰকাৰীয়ে নিজৰ নাম নথিভুক্ত কৰিছে এই এপত । অনাগত দিনত এপৰ জনপ্ৰিয়তা আৰু বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে ।

কৃষক আন্দোলনক লৈ টুইটাৰৰ স’তে কেন্দ্ৰ চৰকাৰৰ দ্বন্দ প্ৰকাশ্যত আহিছে । আন্দোলন বিৰোধী আৰু চৰকাৰৰ সমৰ্থনত কৰা কিছুসংখ্যক প’ষ্ট টুইটাৰে নিজৰ মাধ্যমৰ পৰা আঁতৰাই দিছে । এই তালিকাত অভিনেত্ৰী কংগনা ৰণৌটৰো কিছুমান প’ষ্ট আছে ।

কিছুসংখ্যক মন্ত্ৰী আৰু বিজেপি সমৰ্থকে কু-ৰ বিৰুদ্ধে প্ৰশ্ন উত্থাপন কৰিছে । টুইটাৰ ত্যাগ কৰি কু-ত নাম নথিভুক্ত কৰাৰ দাবী উত্থাপন কৰিছে এই মহলবোৰে । ফলত এপটোৰ জনপ্ৰিয়তা অধিক বৃদ্ধি পাইছে ।

শেহতীয়া এক সাক্ষাৎকাৰত কু-ৰ অন্যতম নিৰ্মাতা অপ্ৰমেয় ৰাধাকৃষ্ণই কয়, ‘কু-ত কোনোৱে এলেন মাস্কক অনুসৰণ কৰা এইটো আমাৰ লক্ষ্য নহয় । বৰঞ্চ আমি বিচাৰো যে ভাৰতীয়সকলে ইয়াত নিজস্ব ভাষাত বক্তব্য ৰাখক ।’ ভাৰতীয়ৰ মাজত কু-ৰ জনপ্ৰিয়তা বৃদ্ধি পোৱা ইয়ো এটা অন্যতম কাৰণ । ইংৰাজীৰ লগতে সাতটা ভাৰতীয় ভাষাত লিখিব পাৰি এই মাইক্ৰ’ব্লগিং মাধ্যমটোত ।

এই দেশীয় এপটো নিৰ্মাণ কৰা হৈছিল ২০২০ত । প্ৰথমে এপটোৰ নাম আছিল ‘কু কু কু’ । পাছত ইয়াৰ নাম পৰিৱৰ্তন কৰা হয় ‘কু’লৈ । টুইটাৰৰ দৰেই এই এপটোৰ ল’গ’ এটা চৰাই । টুইটাৰ বনাম চৰকাৰৰ দ্বন্দৰ পূৰ্বে এই এপটোৱে জনপ্ৰিয়তা লাভ কৰা নাছিল । যদিও এপটোৰ এটা অংশীদাৰ চীনৰ কোম্পানী । এই বিষয়তো বিতৰ্ক অব্যাহত আছে । বহুতে দাবী কৰে যে, এই এপৰ জৰিয়তে ভাৰতীয়সকলৰ ব্যক্তিগত তথ্য লাভ কৰিব চীনে । কিন্তু স্বত্তেও হ্ৰাস পোৱা নাই এপৰ জনপ্ৰিয়তা ।

Exit mobile version