প্ৰিয়ংকাৰ আত্মজীৱনী ‘আনফিনিছ’ত প্ৰকাশ পালে বিবাহৰ আঁৰৰ ৰহস্য

19870822 0 image a 105 1571375595603 1

২০১৮ চনৰ ডিচেম্বৰ মাহত বিবাহপাশত আবদ্ধ হৈছিল প্ৰিয়ংকা আৰু নিক জোনাছ ।প্ৰিয়ংকা ইমান সোনকালে বিয়া কৰাৰ পৰিকল্পনা কৰা নাছিল। দুয়োজনে ২০১৯ চনত বিয়া কৰাটো ঠিক আছিল। কিন্তু কিহৰ ফলত মনৰ পৰিৱৰ্তন হৈছিল? নায়িকাগৰাকীয়ে তেওঁৰ আত্মজীৱনী ‘আনফিনিছ’ত প্ৰকাশ কৰিছে এই ৰহস্য। বিবাহৰ প্ৰসংগত প্ৰিয়ংকাই লিখিছে যে দ্বিতীয়বাৰৰ বাবে ভাৰত ভ্ৰমণ কৰোঁতে নিকৰ মন সলনি হৈছিল।

আৰু দুয়োজনে বিবাহ আগুৱাই আনিবলৈ সিদ্ধান্ত লয়। অভিনেত্ৰীগৰাকীয়ে লিখিছে, ‘যেতিয়া মই উত্তৰত হয় কৈছিলোঁ তেতিয়া মই পুৱা ৮.৩০ বজাত সাৰ পাইছিলো। আৰু ফেচটাইমত পৰিয়াল আৰু বন্ধুবৰ্গৰ স’তে আনন্দৰে সময় কটাইছিলো । যেতিয়া বিয়াৰ পৰিকল্পনা আৰম্ভ হৈছিল, আমি ভাবিছিলো যে আমি পৰৱৰ্তী বছৰ, ২০১৯ ৰ কোনো সময়ত বিয়া কৰিম’।

প্ৰিয়ংকাই তাৰ পিছত লিখে, ‘কিন্তু যেতিয়া নিক আগষ্টত ভাৰতলৈ উভতি আহিছিল, তেওঁ কৈছিল যে তেওঁ আৰু বিয়াৰ বাবে অপেক্ষা কৰিব নিবিচাৰে। মইও বিচৰা নাছিলো। আমি দুয়োজনে জানিছিলো যে আমি সাজু, আমাৰ পৰিয়ালে এইটো বুজি পাইছিল। কি বাবে অপেক্ষা কৰি আছে? তেওঁ প্ৰথমে ২০১৮ চনত ভাৰত ভ্ৰমণ কৰিছিল আৰু প্ৰিয়ংকাৰ স’তে ডেটিং কৰাৰ জল্পনা-কল্পনা বন্ধ কৰিছিল।

কেইমাহমানৰ ভিতৰত, নিকে তেওঁৰ পিতৃ-মাতৃ (ডেনিছ আৰু পল জোনাছ)ক আগষ্ট ২০১৮ ত মুম্বাইলৈ ঘূৰাই আনিছিল। এইটো স্পষ্ট যে এইবাৰ সম্পৰ্কটোৰ বিষয়ে আনুষ্ঠানিক চীল মোহৰ দিয়া হৈছে। তাৰ পিছত দুয়োজনে ডিচেম্বৰৰ আৰম্ভণিতে যোধপুৰৰ উমেইদ ভৱনত বিবাহ পাশত আবদ্ধ হৈছিল।বিয়াৰ দুবছৰৰ পিছত, প্ৰিয়ংকাৰ ৰোমাঞ্চে প্ৰায়ে সামাজিক মাধ্যমত চৰ্চাৰ বিষয় হৈ আহিছে।

পত্নীৰ প্ৰেমত এতিয়াও হাবাথুৰী খাই আছে নিকে । নিক জোনাছে প্ৰেম দিৱসত হাজাৰ হাজাৰ মাইল দূৰত থাকিলেও তেওঁৰ পত্নীৰ বাবে ভেলেণ্টাইন ডে অতি বিশেষ কৰি তোলে। কামৰ সূত্ৰে নিক আছে লণ্ডনত। আনহাতে নিক যোৱা মাহত আমেৰিকা লৈ উভতি আহিছিল। তাৰ পিছত নিকে ১৪ ফেব্ৰুৱাৰীত প্ৰিয়ংকাক আচৰিত কৰিছিল শ শ গোলাপ পঠিয়াই ।

দেচি গাৰ্ল ছবিখন অভিনেত্ৰী প্ৰিয়ংকাই তেওঁৰ ইনষ্টাগ্ৰাম হেণ্ডেলত প’ষ্ট কৰে। ছবিখনত প্ৰিয়ংকাই গালত হাত দিল বগা পোছাক পিন্ধি কোঠাত বহি থকা দেখা যায় । গোটেই কোঠাটো আৱৰি আছে শ শ ৰঙা গোলাপেৰে । প্ৰিয়ংকাই কেপচনত লিখিছে ‘মোৰ আশা যদি তুমি ইয়াত থাকিলা হয়।

Exit mobile version