বাগসাৰ বাৰাপেটাত উল্টেখুন্দা উপনৈৰ খহনীয়া ৰোধৰ কাম আৰম্ভ

152013688 121688073208216 3828542226907938644 n

মাটি সংৰক্ষণ বিভাগৰ উদ্যোগত বাগসাৰ শালবাৰীৰ বাৰাপেটা মিলন বজাৰস্থিত উল্টেখুন্দা উপনৈৰ খহনীয়া ৰোধৰ কামৰ আজিৰ পৰা আৰম্ভ হয়৷ বিটিআৰৰ সমাজ কল্যাণ বিভাগৰ কাৰ্যবাহী সদস্য তথা স্থানীয় মথনগুৰি পৰিষদীয় সমষ্টিৰ এমচিএলএ গৌতম দাসে আজি আনুষ্ঠানিকভাৱে উদ্ধোধন কৰে আঁচনিখনৰ ৷

বিগত বাৰিষা কালত বেঁকী নৈৰ উপনৈ উল্টেখুন্দাই গৰাখহনীয়া অব্যাহত ৰাখি এক বিভীষিকাময় পৰিৱেশৰ সৃষ্টি কৰিছিল বৃহত্তৰ অঞ্চলটোত৷ তাৰ পিছতে আজি বিটিআৰৰ নৱ নিযুক্ত কাৰ্যবাহী সদস্য গৌতম দাসে ৰাইজৰ সুবিধাৰ্থে উক্ত খহনীয়া ৰোধৰ বাবে লোৱা আঁচনিখনৰ আৰম্ভণি কৰে ৷

উক্ত কাৰ্যত সন্তোষ প্ৰকাশ কৰে অঞ্চলটোৰ সৰ্বস্তৰৰ ৰাইজে৷ আজিৰ কাৰ্যসূচীত কে’বাগৰাকীও বিষয়ববীয়াৰ লগতে বহুসংখ্যক নেতা-কৰ্মী আৰু ৰাইজ উপস্থিত থাকে৷

Exit mobile version