কোকৰাঝাৰ পশ্চিম জনজাতি সমষ্টিত  বিজেপিৰ পৰিয়াল সম্পৰ্ক অভিযান

WhatsApp Image 2021 02 28 at 6.54.11 PM 2

ভাৰতীয় জনতা পাৰ্টী চমুকৈ  বিজেপিয়ে অসম বিধানসভা নিৰ্বাচনত  মিছন এশ প্লাচ কৰাৰ বাবে সৰ্বসাধাৰণ ভোটাৰ ৰাইজৰ ঘৰে ঘৰে গৈ পৰিয়াল সম্পৰ্ক নামৰ এক কাৰ্যসূচী ৰূপায়ণ কৰি আছে । সেই কাৰ্যসূচী অনুসৰি আজি বিটিছিৰ ৭ নং ফকিৰাগ্ৰাম অ-জনজাতি সমষ্টিৰ অধিন বোৱালকামাৰী গাঁৱত মণ্ডল বিজেপিৰ কৰ্মকৰ্তাসকল উপস্থিত হয় আৰু পৰিয়াল সম্পৰ্ক অভিযান অনুষ্ঠিত কৰে ।

উক্ত অনুষ্ঠানত উপস্থিত থাকে ফকিৰাগ্ৰাম মণ্ডল বিজেপিৰ সভাপতি মনোজ ৰায় , ৰতন বৰ্মন আদিৰ উপৰিও মহিলা নেত্ৰী সকলেও উপস্থিত থাকে ।

ইপিনে কোকৰাঝাৰ পশ্চিম জনজাতি সমষ্টিৰ অধিন দোতমা , সেৰফানগুৰী আদি অঞ্চলত বিজেপিৰ কোকৰাঝাৰ জিলা সমিতিৰ সভাপতি বিভূতি বৰগায়ৰীও পৰিয়াল সম্পৰ্ক অভিযান অনুষ্ঠিত কৰে ।

Exit mobile version