প্ৰতি মাহে দুই জিবি ডেটা, দুই বছৰ ৰিচাৰ্জ কৰাৰ পৰা মুক্ত

বিপুল অফাৰ জিঅ'ৰ

Featured Image 1

২জি মুক্ত ভাৰতৰ লক্ষ্য আৰু এক ধাপ আগবঢ়ালে ৰিলায়েন্স জিঅ’ই । গ্ৰাহকসকলৰ বাবে আৰু এটা আকৰ্ষণীয় সুযোগ । জিঅ’ ফোন ক্ৰয় কৰক আৰু দুই বছৰৰ বাবে লাভ কৰক এই বিপুল সুযোগ । জানো আহক সেই সুযোগবোৰ কি‌ ?

সম্প্ৰতি ৰিলায়েন্স জিঅ’ই এই আনলিমিটেড পৰিসেৱা উদ্বোধন কৰিছে । তেওঁলোকৰ লক্ষ্য ‘২জি মুক্ত ভাৰত’ । সেয়ে বিভিন্ন সময়ত নানা ধৰণৰ সুযোগ লৈ আহে জিঅ’ই । এইবাৰো সেয়াই কৰিছে ।

সম্প্ৰতি উদ্বোধন হোৱা জিঅ’ৰ সুযোগৰ ভিতৰত আছে, জিঅ’ ফোন কিনিলে দুই বছৰৰ বাবে আনলিমিটেড ভইচ কল আৰু ইণ্টাৰনেট ডেটা ।

প্ৰতিমাহে দুই জিবিকৈ ডেটা ব্যৱহাৰৰ সুযোগ পাব গ্ৰাহকে । অৰ্থাৎ আগন্তুক দুই বছৰৰ বাবে ৰাচাৰ্জৰ সমস্যাৰ পৰা মুক্ত । এই সুযোগ লাভ কৰিবৰ বাবে গ্ৰাহকে ব্যয় কৰিব লাগিব মাত্ৰ এহেজাৰ ৯৯৯ টকা । লগতে লাভ কৰক এটা জিঅ’ ফোন ।

কোনো গ্ৰাহকে যদি এবছৰৰ বাবে এই সুবিধা গ্ৰহণ কৰিব বিচাৰে তেওঁলোকে ব্যয় কৰিব লাগিব এহেজাৰ ৪৯৯ টকা । নতুন জিঅ’ ফোনৰ লগত পাব এবছৰৰ বাবে আনলিমিটেড ভইচ কল আৰু প্ৰতি মাহে দুই জিবি ডেটা । যদি কোনো গ্ৰাহকৰ পূৰ্বৰ পৰাই জিঅ’ ফোন আছে, তেনেহ’লে এবছৰৰ বাবে এই সুবিধা গ্ৰহণ কৰিবলৈ ৰিচাৰ্জৰ বাবদ ব্যয় কৰিব লাগিব মাত্ৰ ৭৪৯ টকা ।

ৰিলায়েন্স জিঅ’ৰ মুৰব্বী আকাশ অম্বানীয়ে জনায় যে, এতিয়াও ভাৰতৰ ৩০ কোটি গ্ৰাহকে ২জি ডেটা ব্যৱহাৰ কৰে । বিগত চাৰি বছৰ ধৰি প্ৰতিগৰাকী লোকৰ হাতত এই সুবিধা তুলি দিয়াৰ চেষ্টা চলাই আছে জিঅ’ই ।

সেয়ে তুলনামূলকভাৱে বহু পৰিমাণে কম মূল্যত ইণ্টাৰনেটৰ পৰা সাধাৰণ ভইচ কলৰ সুবিধাও প্ৰদান কৰি আহিছে তেওঁলোকে । ৰিলায়েন্স জিঅ’ৰ দাবী, এই একেই সুবিধা অন্য মোবাইল সংস্থাবোৰৰ পৰা গ্ৰহণ কৰিলে ইয়াতকৈ দুগুণ ধনৰাশি ব্যয় কৰিব লাগিব গ্ৰাহকসকলে ।

Exit mobile version