ভৱানীপুৰ সমষ্টি দাবী বিজেপিৰ

ভৱানীপুৰত ভাৰতীয় জনতা পাৰ্টীৰ সংবাদ মেল

ভাৰতীয় জনতা পাৰ্টীৰ ভৱানীপুৰ মণ্ডল সমিতিয়ে ভৱানীপুৰত আজি এখন সংবাদ মেল সম্বোধন কৰি বিজেপিয়ে আগন্তুক নিৰ্বাচনত ভৱানীপুৰ সমষ্টি দাবী কৰে । ভৱানীপুৰ মণ্ডল সমিতিৰ কাৰ্যালয়ত বজালী জিলা সমিতিৰ সভাপতি নগেন চৌধুৰী আৰু ভৱানীপুৰ সমষ্টিৰ বিজেপিৰ তত্বাৱধায়ক গোপীনাথ দাসে সংবাদ মেল সম্বোধন কৰি সমষ্টিটোত বিজেপিৰ ভেটি সম্পৰ্কত তথ্য প্ৰকাশ কৰে ।

সমষ্টিটোত চলি থকা সম্পৰ্ক ৰক্ষা অভিযানৰ কথা প্ৰকাশ কৰি কয়, সমষ্টিটোৰ ৩৪৯৪১ টা পৰিয়ালৰ ভিতৰত ভৱানীপুৰ মণ্ডল সমিতিয়ে প্ৰায় ১৮ হেজাৰ পৰিয়ালৰ সৈতে জনসম্পৰ্ক ৰক্ষা কৰিছে । ২০৪ টা বুথ থকা সমষ্টিটো ৩৮৮৫ জন পৃষ্ঠা প্ৰমুখ নিযুক্তি দিয়া হৈছে ।

পূৰ্বতকৈ দলীয় স্থিতি অধিক শক্তিশালী হোৱা বুলি দাবী কৰি জিলা সভাপতিগৰাকীয়ে কয়, যদিহে দলীয় নেতৃত্ব‌ত ভৱানীপুৰ সমষ্টিত বিজেপিয়ে প্ৰাৰ্থীত্ব আগবঢ়ায় তেন্তে সমষ্টিটোত বিজেপিৰ এশ শতাংশই জয় নিশ্চিত । বিজেপিৰ মিচন এশ ভৱানীপুৰ সমষ্টিৰ অন্তৰ্ভুক্ত বুলি প্ৰকাশ কৰে ।

উল্লেখ্য যে সাংবাদমেলৰ পূৰ্বে দলীয় এক সভাত কংগ্ৰেছ দলৰ কে’বাগৰাকীও সদস্যৰ লগতে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ বজালী জিলা সমিতিৰ উপ সভাপতি নৱকুমাৰ তালুকদাৰ, বজালী জিলা সমিতিৰ বিষয়ববীয়া জীৱন বৈশ্য,  ভৱানীপুৰ আঞ্চলিক সমিতিৰ প্ৰাক্তন সাধাৰণ সম্পাদক জয়প্ৰকাশ দাস, কল্পজ্যৌতি চৌধুৰীকে আদি কৰি প্ৰায় অৰ্ধ শতাধিক বিভিন্ন ৰাজনৈতিক দল সংগঠনৰ সদস্য বিজেপিত যোগদান কৰে ।

সংবাদ মেলত ভৱানীপুৰ মণ্ডল সভানেত্ৰী মামনি পাটগিৰি, উত্তৰ ভৱানীপুৰ মণ্ডল সমিতিৰ সভাপতি সঞ্জীৱ নাথ, বজালী জিলা সমিতিৰ উপ সভাপতি নিপন ডেকা, বিজেপি নেত্ৰী প্ৰভা দাস, ভূপেন মেধি, কিশোৰ আদি উপস্থিত থাকে ।

Exit mobile version