বিশ্ব ঐতিহ্য ক্ষেত্ৰ মানাহ ৰাষ্ট্ৰীয় উদ্যানত কৰ্মৰত গৃহৰক্ষী জোৱানসকলে ৰাজ্যৰ আসন্ন বিধানসভা নিৰ্বাচনত এইবাৰ ভোটদানৰ পৰা বিৰত থাকিব ।
ইতিমধ্যে আজি পুৱা ছয় বজাৰ পৰা উদ্যানখনত কৰ্মৰত গৃহৰক্ষী জোৱানসকলে তেওঁলোকৰ নিজ নিজ কৰ্ত্তব্যৰ পৰা বিৰত থাকি উদ্যানখনৰ বাঁহবাৰী বন বিষয়াৰ কাৰ্যালয়ৰ সম্মুখত তেওঁলোকৰ চাকৰি নিয়মীয়াকৰণ, উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ অনুযায়ী সমান কামৰ সমান দৰমহা নীতিৰ প্ৰচলন কৰা আৰু গৃহৰক্ষী বাহিনীৰ জোৱানৰ নিযুক্তিত ‘অন্লাইন ডেপ্লয়মেণ্ট চিষ্টেম’ বাতিল কৰাকে ধৰি মূল তিনিদফীয়া দাবী সম্বলিত প্লে কাৰ্ড বুকুত আঁৰি লৈ আন্দোলনত অংশগ্ৰহণ কৰে।
উল্লেখ্য যে, কাইলৈ পুৱা ছয় বজাত তেওঁলোকৰ দুদিনীয়া এই কৰ্মবিৰতি কাৰ্যসূচীৰ অন্ত পৰিব। উল্লেখ্য, প্ৰশিক্ষণপ্ৰাপ্ত এইসকল গৃহৰক্ষী জোৱানে এতিয়ালৈকে মাথোন মাহিলী নে হেজাৰ টকাকৈহে পাৰিতোষিক লাভ কৰি আহিছে ।
আনহাতে, নিত্য ব্যৱহাৰ্য বয়-বস্তুৰ আকাশলঙ্ঘী মূল্য বৃদ্ধিৰ সময়ত তাকৰীয়া এই ধনেৰে তেওঁলোকৰ পৰিয়াল চলোৱাটো দুৰুহ হৈ অহা বুলিও অভিযোগ কৰিছে আন্দোলনৰত গৃহৰক্ষী বাহিনীৰ জোৱানসকলে।
তদুপৰি ৰাষ্ট্ৰীয় উদ্যানখনলৈ অহা দেশী-বিদেশী পৰ্যটকসকলক নিৰাপত্তা প্ৰদানৰ লগতে বন বিভাগৰ বিষয়া-কৰ্মচাৰীসকলৰ স’তে লগ হৈ উদ্যানখনৰ সুৰক্ষা প্ৰদানৰ কামতো সুদীৰ্ঘদিন তেওঁলোক নিয়োজিত হৈ অহাৰ বিষয়ে জানিবলৈ দিছে বুলি জানিবলৈ দিয়ে গৃহৰক্ষী বাহিনীৰ জোৱানসকলে।
ইফালে আজি আন্দোলনস্থলীত উপস্থিত থকা মানাহ ৰাষ্ট্ৰীয় উদ্যানখনৰ প্ৰশিক্ষণপ্ৰাপ্ত গৃহৰক্ষী জোৱানসকলৰ সংগঠনটোৰ সভাপতি আৰু সম্পাদক ক্ৰমে জিতু শৰণীয়া আৰু ময়না দাসে সাংবাদিকৰ আগত বিগত বৰ্ষৰ ডিচেম্বৰ মাহত অসম চৰকাৰৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু বিত্তমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ স’তে তেওঁলোকৰ বিভিন্ন দাবী সম্পৰ্কত মিলিত হোৱাৰ প্ৰসঙ্গ উল্লেখ কৰে ৷
উক্ত বৈঠকত উচ্চতম ন্যায়ালয়ে গৃহৰক্ষী জোৱানসকলৰ পাৰিতোষিক ১৮ হেজাৰ টকা বৃদ্ধি কৰিবলৈ দিয়া নিৰ্দেশ বিত্তমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই পোনছাটেই নাকচ কৰাৰ বিষয়ে অৱগত কৰে । পাছত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত তেওঁলোকৰ ন হেজাৰ টকা পাৰিতোষিকৰ স’তে কমপক্ষেও তিনিশৰো অধিক টকা সংযুক্ত কৰা হ’ব বুলি বিত্তমন্ত্ৰীগৰাকীয়ে সাংবাদিকৰ আগত কোৱা কথাৰ প্ৰসঙ্গৰ উল্লেখেৰে উক্ত প্ৰতিশ্ৰুতি অদ্যাপি কাৰ্যকৰী নোহোৱাত খেদ প্ৰকাশ কৰে ।
দাবী পূৰণ নহ’লে আসন্ন বিধানসভা নিৰ্বাচন বৰ্জ্জন কৰাৰ লগতে প্ৰয়োজন সাপেক্ষে তেওঁলোকে তীব্ৰ জঙ্গী আন্দোলন গঢ়ি তোলাৰো হুংকাৰ দিয়ে ৷