বিজেপিৰ পৰিয়াল সম্পৰ্ক অভিযান  ফকিৰাগ্ৰাম  আৰু গুমা সমষ্টিত

WhatsApp Image 2021 03 02 at 10.16.31 AM

অসম বিধানসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ভোটাৰ জনতাৰ মাজত সোমাবলৈ বিভিন্ন ৰাজনৈতিক দলে বিভিন্ন ধৰনৰ কাৰ্যপন্থা হাতত লোৱা পৰিলক্ষিত হৈছে । ঠিক সেইদৰে  ভাৰতীয় জনতা পাৰ্টি চমুকৈ বিজেপিয়েও পৰিয়াল সম্পৰ্ক অভিযানৰ জৰিয়তে ভোটাৰসকলৰ মাজত সোমাব আৰম্ভ কৰিছে । বিজেপিৰ বনৰগাঁও মণ্ডলৰ সভাপতি ছাইখো জাতাও নাৰ্জাৰীৰ নেতৃত্বত বনৰগাঁও অঞ্চলত  চলিছে পৰিয়াল সম্পৰ্ক অভিযান ।

উক্ত অভিযানত বিজেপিৰ কোকৰাঝাৰ জিলা সভাপতি বিভূতি বৰগায়ৰী , মহিলা নেত্ৰী কবিতা বসুমতাৰী আদিয়ে যোগদান দিছিল । বিজেপি দলে অনুষ্ঠিত কৰা  পৰিয়াল সম্পৰ্ক অভিযানৰ জৰিয়তে বিগত দিনত বিজেপি নেতৃত্বাধীন অসম তথা ভাৰত চৰকাৰে ৰাইজৰ বাবে কৰা কাম কাজৰ বিষয়ে অৱগত কৰাৰ লগতে সৰ্ব সাধাৰণ ৰাইজৰ বাবে কি কাম কৰিব তাৰ বাবে কি কি কৰিব তাকো প্ৰকাশ কৰে মণ্ডল সভাপতি ছাইকো জাতাও নাৰ্জাৰীয়ে ।

ইপিনে, বিটিছিৰ ৭ নং  ফকিৰাগ্ৰাম অজনজাতি সমষ্টিৰ অধিনত ফকিৰাগ্ৰামণ্ডল অঞ্চলটো পৰিয়াল সম্পৰ্ক অভিযানৰ উদ্বোধন কৰে বিটিআৰৰ ইএম অৰূপ কুমাৰ দে ।

উক্ত অনুষ্ঠানত উপস্থিত থাকে বিজেপিৰ মণ্ডল সভাপতি  মনোজ ৰায় । বিটআৰৰ ২নং গুমা সমষ্টিতো পৰিয়াল সম্পৰ্ক অভিযান অনুষ্ঠিত কৰে গুমাৰ মণ্ডল সভাপতি নিলেশ্বৰ ৰায়ে ।

Exit mobile version