ভাৰতৰ ক’ভিড প্ৰতিষেধক গৱেষণাৰ তথ্য চুৰি কৰিবলৈ সক্ৰিয় চীনৰ হেকাৰ

জনালে চোৰাংচোৱা সংস্থাই

526776093f72443fff879af603067537

ভাৰতৰ কৰ’না প্ৰতিষেধক গৱেষণা প্ৰতিষ্ঠানবোৰৰ পৰা তথ্য চুৰিৰ বাবে সক্ৰিয় চীনৰ হেকাৰসকল । চাইবাৰ চোৰাংচোৱা সংস্থা ‘ছাইফাৰ্মা’ৰ সাম্প্ৰতিক ৰিপ’ৰ্টত এই তথ্য প্ৰকাশিত । প্ৰকাশিত ৰিপ’ৰ্ট অনুসৰি, ভাৰতীয় সংস্থাৰ ‘আইটি ছিষ্টেমক’ লক্ষ্য কৰিছে চীনৰ চৰকাৰী সহযোগ প্ৰাপ্ত হেকাৰে ।

বিশ্বত ক’ভিড প্ৰতিষেধকৰ বৃহত্তম উৎপাদক ভাৰত । বিশ্বৰ প্ৰায় ৬০ শতাংশ কৰ’না প্ৰতিষেধক ভাৰততে উৎপাদন কৰা হয় । চীনেও ইতিমধ্যে কৰ’না প্ৰতিষেধক উৎপাদন কৰা আৰম্ভ কৰিছে । দুখন দেশৰ পৰাই বিভিন্ন ৰাষ্ট্ৰই ক’ভিড প্ৰতিষেধক আমদানি কৰে। তথ্য অনুসৰি, সম্প্ৰতি বিশ্বৰ বৃহত্তম ক’ভিড-১৯ প্ৰতিষেধক উৎপাদনকাৰী সংস্থা ছেৰাম ইনষ্টিটিউট অফ ইণ্ডিয়া আৰু ভাৰত বায়’টেক চীনৰ হেকাৰৰ লক্ষ্যত ।

ব্ৰিটিছ চোৰাংচোৱা সংস্থা এমআই-৬ৰ প্ৰাক্তন অধিকাৰী তথা ছাইফাৰ্মাৰ চিইঅ’ কুমাৰ ৰিতেশে জনাই যে, চীন চৰকাৰৰ সহযোগ প্ৰাপ্ত হেকাৰ সংগঠন ‘ষ্ট’ন পাণ্ডা’ই ছেৰাম ইনষ্টিটিউট অফ ইণ্ডিয়া আৰু ভাৰত বায়’টেকৰ ছফ্টৱেৰ চেইনবোৰৰ দুৰ্বলতা চিহ্নিত কৰিবৰ বাবে চেষ্টা চলাই আছে ।

তেওঁ লগতে কয় যে, কৰ’না ৰোগীসকলক কেনেকৈ চিকিৎসা কৰা হৈছে আৰু তেওঁলোকৰ কেনে ধৰণে পৰীক্ষণ কৰা হৈছে সেই সম্পৰ্কেও যাৱতীয় তথ্য আৰু বৌদ্ধিক সম্পদ চুৰিৰো চেষ্টা চলাই আছে চীনৰ হেকাৰসকলে । অক্সফ’ৰ্ডৰ কৰ’না প্ৰতিষেধক ক’ভিশ্বিল্ডৰ লগতে আমেৰিকাৰ সংস্থা ‘ন’ভাভেক্স’ৰ কৰ’না প্ৰতিষেধক ‘এনভিএক্স-ক’ভ-২৩৭৩’ উৎপাদনৰ দায়িত্বও গ্ৰহণ কৰিছে ছেৰামে । তেওঁলোকৰ ছাৰৰ্ভাৰৰ পৰা এই সংক্ৰান্ত তথ্য চুৰিৰ বিষয়ত চীনৰ হেকাৰসকল বিশেষভাৱে সক্ৰিয় বুলি জনায় ‘ছাইফাৰ্মা’ৰ অধিকাৰীয়ে । কিন্তু বৰ্তমানলৈকে চীনৰ চৰকাৰে এই সন্দৰ্ভত কোনো প্ৰতিক্ৰিয়া কৰা নাই ।

Exit mobile version