বিশ্বাসঘাতক বিজেপিক এশিকনি দিবলৈ সাজু

বিপিএফ বিটিচিৰ বাহিৰতাে বিপদত পৰিব বিজেপি-অগপ প্রার্থী : বড়াে

IMG 20200703 WA0091 scaled 1

‘সমাগত বিধানসভাৰ নিৰ্বাচনত বিশ্বাসঘাতকতা কৰা বিজেপিক এশিকনি দিয়াৰ বাবে সম্পূর্ণৰূপে প্রস্তুত হৈছে বিপিএফ। ২০১৬ বিধানসভা নির্বাচনত হাগ্রামা মহিলাৰী নেতৃত্বাধীন বিপিএফে বিজেপি-অগপৰ লগত মিত্রতা কৰাৰ বাবে সংখ্যাগৰিষ্ঠ আসন লাভ কৰি চৰকাৰ গঠন কৰিবলৈ সক্ষম হৈছিল।

ইয়াৰ পাছতাে বিজেপিয়ে বিপিএফৰ লগত যি বিশ্বাসঘাতকতা কৰিলে, ২০২১ নির্বাচনত ইয়াৰে প্রত্যুত্তৰ দিবলৈ সাজু হৈছে বিপিএফ। এই মন্তব্য বড়ােলেণ্ড পিপলছ ফ্রণ্ট (বিপিএফ)ৰ সাধাৰণ সম্পাদক প্রবীণ বড়ােৰ। বুধবাৰে কোকৰাঝাৰত আয়ােজিত এক সংবাদমেলত বড়ােৱে লগতে কয় যে বিপিএফ দলে মহাজোঁট বন্ধনত চামিল হােৱাৰ বাবে বিটিচিৰ উপৰি বাহিৰৰ বহু সমষ্টিত এইবাৰ বিজেপি-অগপ প্রার্থী কঠিন পৰিস্থিতিৰ সন্মুখীন হ’ব।

সংবাদমেলত বিপিএফৰ সাধাৰণ সম্পাদকজনে কয় যে বিটিচিৰ অন্তৰ্গত ১২টা বিধানসভা সমষ্টিৰ বাহিৰেও দলৰ প্রত্যক্ষ আৰু পৰােক্ষ প্রভাৱ আৰু ভােটাৰ থকা আন ২৬টা বিধানসভা সমষ্টি আছে। এই সমষ্টিসমূহৰ অন্যতম হৈছে জোনাই, ধেমাজি, গােলাঘাট, সৰুপথাৰ, ডিফু, গহপুৰ, চতিয়া,ঢেকিয়াজুলি, পশ্চিম গুৱাহাটী, বৰছলা, মঙলদৈ, ৰঙিয়া, পাটাছাৰকুছি, বৰপেটা, সৰভােগ, বঙাইগাঁও, পূৱ বিলাসীপাৰা, গৌৰীপুৰ আৰু দুধনৈ।

বড়ােৱে কয়,‘যােৱাবাৰ বিপিএফ দলৰ স’তে মিত্রতা থকাৰ কাৰণে উক্ত সমষ্টিকেইটাত বিজেপি-অগপ প্রার্থীয়ে অনায়াসে বিজয় সাব্যস্ত কৰিছিল। কিন্তু এইবাৰ বিপিএফ দলে মহাজোঁটৰ স’তে চামিল হােৱাত ভালেখিনি ক্ষতি হ’ব বিজেপি-অগপ দলৰ। ইয়াৰ বিপৰীতে এইবাৰ ইউপিপিএল দলে সমর্থন কৰিছে যদিও তেওঁলােকৰ উক্ত সমষ্টিসমূহত বিশেষ প্ৰভাৱ নাই। এবছুৰ সমর্থিত ইউপিপিএল দলৰ যদিহে সমষ্টিসমূহত প্ৰভাৱ থাকিলেহেঁতেন, তেন্তে আগতে তেওঁলােকে সমর্থন কৰা দলবােৰ নিশ্চয় বিজয়ী হ’লহেঁতেন।

ইয়াৰ উদাহৰণস্বৰূপে বড়ােৱে কয় যে ২০১১ৰ বিধানসভাৰ নিৰ্বাচনত চতিয়া সমষ্টিত বিপিএফ দলৰ প্রার্থীয়ে ১০,৬৪৪টা ভােট লাভ কৰিছিল। কিন্তু ২০১৬ত মিত্রতা থকা হেতুকে উক্ত সমষ্টিত বিজেপি প্রার্থী পদ্ম হাজৰিকা ১,৮১৮টা ভােটৰ ব্যৱধানত বিজয়ী হয়। সেইদৰে ২০১১ত বঙাইগাঁও সমষ্টিত বিপিএফ প্রার্থীয়ে ২১,৩২৬টা ভােট পাইছিল। ২০১৬ত বিপিএফে সমর্থন কৰাত অগপ প্রার্থী ফণীভূষণ চৌধুৰী ৩১,৩২০টা ভােটত বিজয়ী হয়।

বড়ােৱে কয় যে এইবাৰ মন্ত্ৰী চৌধুৰীয়ে বিপিএফৰ ভােটৰ পৰা বঞ্চিত হ’ব। বিপিএফৰ সাধাৰণ সম্পাদকজনে লগতে কয় যে ২০১১ত ৰঙিয়াত ২১,১০৬টা ভােট লাভ কৰিছিল, কিন্তু ২০১৬ত বিপিএফে সমর্থন কৰাত বিজেপি প্রার্থী ভৱেশ কলিতাই ৩৫ হেজাৰ ভােট লাভ কৰে। গহপুৰত বিপিএফে ২০১১ত ১৫,৬৫৯টা ভােট পাইছিল। ২০১৬ত মিত্ৰতাত থকাৰ বাবে বিপিএফ দলে সমর্থন কৰাত বিজেপি প্রার্থী উৎপল বৰা ২৮ হেজাৰ ভােট লাভ কৰে।

বিপিএফৰ প্ৰাৰ্থীয়ে ২০১১ত বৰপেটাত ৪,৯৪১ আৰু পূৱ বিলাসীপাৰাত ২৩,৩২৬টা ভােট লাভ কৰিছিল বুলিও বড়ােৱে কয়। বড়ােৱে লগতে কয় যে বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাসকো এইবাৰ বিপিএফ দলে সমস্যাত পেলাব। কিয়নাে সৰভােগ সমষ্টিত মুঠ ২২ হেজাৰ বড়াে ভােটাৰ থকাৰ বিপৰীতে প্রায় ৪০ হেজাৰ বিপিএফৰ ভােটাৰ আছে। তেওঁ লগতে কয়, ‘গতিকে বিপিএফৰ প্ৰভাৱ থকা সমষ্টিকেইটাত অগপ-বিজেপিৰযে ভালেখিনি ক্ষতি হ’ব, সেইটো নিশ্চিত।

গতিকে বিজেপি-অগপক কেনেদৰে প্রত্যুত্তৰ দিব পৰা যায় তাৰ ৰণকৌশল তৈয়াৰ কৰিছে বিপিএফ দলে। ইপিনে, এইবাৰ বিপিএফ দলৰ একাংশ প্রার্থী সাল-সলনি হােৱাটো বিচাৰিছে একাংশ দলীয় কর্মীয়ে। কিয়নাে একেৰাহে বহু বছৰ ধৰি বিধায়ক হৈ থকা সত্ত্বেও সমষ্টিৰ উন্নয়নৰ বাবে কোনাে কাম নকৰা একাংশ বিধায়কক এইবাৰ প্রার্থিত্বৰ পৰা বঞ্চিত নকৰিলে দলটো ক্ষতিৰ সন্মুখীন হ’ব বুলি একাংশ দলীয় নেতা-কর্মীয়ে মত প্রকাশ কৰিছে।

Exit mobile version