২০৫০ বৰ্ষত বিশ্বজুৰি শ্ৰৱণ শক্তি বিলােপ হােৱা লােকৰ সংখ্যা ৭০ কোটিলৈ বৃদ্ধি পাব : হুৰ সকীয়নি

এই অভ্যাস আপােনাৰ আছে নেকি? বিকল হ'ব পাৰে কাণ

HEADPHONES0112.2e16d0ba.fill 661x496 1

বিশ্ব শ্ৰৱণ দিৱসৰ দিনাই এক সকীয়নি দিলে বিশ্ব স্বাস্থ্য সংস্থা (হু)ৰ বিশেষজ্ঞই। হুৰ এখন প্রতিবেদনত প্ৰকাশ পােৱা তথ্য অনুসৰি বৰ্তমানৰ সময়ত বিশ্বজুৰি ৪০০ নিযুত লােকে শ্ৰৱণ শক্তি চিৰদিনৰ বাবে হেৰুৱাইছে। একেটা প্রতিবেদনত উল্লেখ কৰা মতে, ২০৫০ বৰ্ষত বিশ্বজুৰি শ্ৰৱণ শক্তি বিলােপ হােৱা লােকৰ সংখ্যা ৭০০ নিযুত অর্থাৎ ৭০ কোটিলৈ বৃদ্ধি পাব।

হুৰ বিশেষজ্ঞই এই প্রতিবেদনত উল্লেখ কৰা মতে, শ্ৰৱণ শক্তি এইদৰে বিলােপ হােৱাৰ একাধিক কাৰণ আছে যদিও সাম্প্রতিক বিশ্বত শ্ৰৱণ শক্তিহীনতাৰ অন্যতম এক কাৰক হৈছে ইয়েৰ ফোন আৰু হেডফোনৰ বহুল ব্যৱহাৰ। একাংশ লােকে মবাইল ফোন আদিত ইয়েৰ ফোন, হেডফোন লগাই উচ্চগ্রামত সংগীত শুনাৰ অভ্যাস গঢ়ি তুলিছে আৰু ইয়াৰ ফলত সেইসকল ব্যক্তিৰ শ্ৰৱণ শক্তি হ্রাস পাবলৈ ধৰিছে।

দীর্ঘদিনৰ বাবে এইদৰে উচ্চগ্রামত দীর্ঘ সময়লৈকে সংগীত শুনাৰ অভ্যাসৰ পৰিণতিত বহু ব্যক্তিয়ে শ্ৰৱণ শক্তি হেৰুৱাব লগা হৈছে বুলি হুৰ প্রতিবেদনত বিশেষজ্ঞই দাবী কৰিছে। উচ্চগ্রামত সংগীত শুনাৰ বদভ্যাসে বিশ্বৰ ৬০ শতাংশ যুৱ আৰু কৈশােৰ প্ৰজন্মক প্ৰভাৱিত কৰিছে। শ্ৰৱণ শক্তি হেৰুৱাব নিবিচাৰিলে সংগীত আদি শুনাৰ এনে বদভ্যাসৰ পৰা নিজক আঁতৰাই ৰখা জৰুৰী বুলি হুৰ বিশেষজ্ঞই এই প্রতিবেদনত পৰামর্শ দিলে।

Exit mobile version