একাপ কেঁচা ব্ৰ’ক’লিত মাত্ৰ ২৫ কেলৰি থাকে, পাঁচ গ্ৰামতকৈও কম কাৰ্বহাইড্ৰেট, চৰ্বি নাথাকে আৰু সামান্য পৰিমাণে উদ্ভিদ প্ৰ’টিন থাকে । তৎস্বত্তেও ব্ৰ’ক’লি পুষ্টিৰে পৰিপূৰ্ণ । একাপ ৰন্ধা ব্ৰ’ক’লিয়ে দৈনিক প্ৰয়োজনীয় ‘কে’ ভিটামিনৰ প্ৰায় ২৫০ শতাংশ সৰবৰাহ কৰে । যি শৰীৰ ৰক্ত আৰু হাড়ৰ বাবে উপকাৰী ।
●ব্ৰ’ক’লিত উচ্চ পৰিমাণে ফাইবাৰ উপলব্ধ । কেঁচা ব্ৰ’ক’লিৰ দুই -তিনি গ্ৰাম ফাইবাৰ সুস্থ হজমৰ বাবে সহায়ক ।
● ব্ৰ’ক’লি এবিধ ক্ৰুচিফেৰাছ পাচলি । ই শৰীৰ কাৰ্চিজেনবোৰ পৃথক কৰি কৰ্কট কোষ বৃদ্ধি হোৱাত বাধা প্ৰদান কৰে ।
● ব্ৰ’ক’লিয়ে ধমনীত হ’ব পৰা ক্ষতি হ্ৰাস কৰি হৃদযন্ত্ৰক সুৰক্ষা প্ৰদান কৰে ।
● ব্ৰ’ক’লিৰ কিছু পুষ্টি আৰু প্ৰাকৃতিক জৈৱ কাৰ্যকৰী উপাদানসমূহে মস্তিষ্ক সুস্থ কৰি ৰাখে ।
● ব্ৰ’ক’লিত থকা ভিটামিন কে, পটেছিয়াম, মেগনেছিয়াম, ফছফৰাছ, কেলচিয়াম, ক’পাৰ, আয়ৰন, জিংক, ভিটামিন এ, বি আৰু চিয়ে হাড় শক্তিশালী কৰে।
● ব্ৰ’ক’লিয়ে অকাল বয়স বৃদ্ধি ৰোধ কৰে ।
● ইয়াত উপলব্ধ এণ্টি-ইনফ্লেমেটৰী শক্তিয়ে দীৰ্ঘদিনীয়া ৰোগ নিৰাময় কৰাত সহায় কৰে ।
● ব্ৰ’ক’লিয়ে ক্ষতিকাৰক ৰাসায়নবোৰক শৰীৰৰ বাহিৰত নিষ্কাষণ কৰাত সহায় কৰে ।