গোৱালপাৰাত জাপানীজ বনছাই পদ্ধতিৰে নাৰ্ছাৰী কৰি স্বাৱলম্বীতা অৰ্জন আৰ হাজেৰা মাৰাকৰ

IMG20210112133838

চৰকাৰী চাকৰি বিচাৰি যি সময়ত একাংশ শিক্ষিত যুৱক যুৱতীয়ে হাহাকাৰ কৰি ফুৰিছে ঠিক সেই সময়তে গোৱালপাৰা চহৰৰ দোস্তীনগৰৰ আৰ হাজেৰা মাৰাকে নিজ গৃহৰ বিল্ডিঙৰ চাদৰ ওপৰত জাপানীজ বনছাই পদ্ধতিৰে নাৰ্ছাৰী কৰি স্বাৱলম্বীতাৰ পথ দেখুৱাইছে ।

স্কুলীয়া জীৱনৰ পৰাই গছ গছনি তথা প্ৰাকৃতিক পৰিৱেশৰ মাজত থাকি ভালপোৱা এইগৰাকী মহিলাই নিজৰ ঘৰৰ চাদৰ ওপৰত বহু বছৰ পূৰ্বে আৰম্ভ কৰিছিল বনছাই নাৰ্ছাৰী ৷ সম্প্রতি নাৰ্ছাৰীত আহত,তেতেলী, আৰৱৰ খেজুৰ, ভুটানৰ কমলা,থাইলেণ্ডৰ বগৰী,আহত গছ,ছয়তান,গন্ধৰাজ,বিভিন্ন প্ৰজাতিৰ গোলাপ,বিভিন্ন প্ৰজাতিৰ নেমুটেঙা,আম,ডালিম,কল,উন্নত প্ৰজাতিৰ জলকীয়া,কমলা,কদম,তুলসী,এলোভেৰা,বাগানভেলা,ষ্টভেৰী,লিচু আদিকে ধৰি শতাধিক প্ৰজাতিৰ গছ গছনিৰে ভৰপূৰ হৈ আছে ।

উল্লেখ্য যে জাপানীজ বনছাই পদ্ধতিৰে কৰা নাৰ্চাৰীৰ বিশেষত্ব হ’ল যিকোনো গছৰ বয়স ৩০-৪০ বছৰ হলেও মাত্র এক বা দুই ফুট চুটিকৈ ৰাখিব পাৰি।ইতিমধ্যে অসমৰ লগতে চুবুৰীয়া ৰাজ্য মেঘালয়, পশ্চিম বংগৰ বহু লোকে এই নাৰ্ছাৰীৰ পৰা বনছাই গছ ক্ৰয় কৰি আহিছে বুলি নাৰ্ছাৰীৰ স্বত্বাধিকাৰী হাজেৰা আৰ মাৰাকে জানিবলৈ দিয়ে ।বজাৰত যথেষ্ট চাহিদা থকা এই বনছাই গছ এডালৰ দাম ৪০ হাজাৰ টকা পৰ্যন্ত ৷

গোৱালপাৰা কৃষি বিভাগ তথা দুধনৈ কৃষি বিজ্ঞান কেন্দ্ৰৰ বৈজ্ঞানিক সকলৰ দ্বাৰা প্ৰশিক্ষণপ্ৰাপ্ত আৰ হাজেৰা মাৰাকক কৃষি বিভাগে বিভিন্ন ধৰনে সহায় কৰি আহিছে ৷ উল্লেখ্য যে, বনছাই (বাওঁনা গছ) হৈছে জাপানীছ শব্দ, ইয়াৰ অর্থ হল সৰু পাত্ৰত ৰখা গছ । বনছাই এটা পদ্ধতি যিটো পদ্ধতিৰে গছ বৃদ্ধি হ’বলৈ নিদিয়াকৈ দীৰ্ঘদিন ৰাখিব পৰা এক জাপানীজ কলা । এই কলাত গছজোপা অতি সৰু পাত্ৰত বৃদ্ধি হ’বলৈ নিদিয়াকৈ ৰখা হয়। দেখাত বনছাই আকৃতিৰ পৰা প্ৰাকৃতিক গছৰ দৰিই কিন্তু উচ্চতা অতি কম ।

ই জাপানৰ অন্যতম পুৰনি শিল্প বনছাইৰ উৎপত্তি কিন্তু পুৰনি চীনা শিল্প পেনজিংৰ পৰা হৈছে । যদিও জাপানৰ লগতে বেলেগ বেলেগ দেশতো বনছাইৰ বাগিছা দেখিবলৈ পোৱা যায়।এই নাৰ্ছাৰীৰ পৰাই আৰ হাজেৰা মাৰাকে সকলো খৰচ বাদ দিয়াৰ পিছতো ঘৰত বহিয়ে মাহত প্ৰায় ৩০ হাজাৰকৈ টকা উপার্জন কৰিছে বুলি জানিবলৈ দিয়ে ।অলপতে দুধনৈ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষি বিজ্ঞানীৰ এটি সজাতি দলে আৰ হাজেৰা মাৰাকৰ নাৰ্ছাৰীত উপস্থিত হৈ মহিলা গৰাকীক উৎসাহিত কৰাৰ লগতে কেতবোৰ গুৰুত্বপূর্ণ পৰামৰ্শ দিয়ে ।

কৃষি বিষয়া সকলে সদৰি কৰা মতে ব্যাৱসায়িক পদ্ধতিৰে বহল ভিত্তিত কৰা মাৰাকৰ এই বনছাই নাৰ্ছাৰী খনে জিলা খনৰ লগতে সমগ্ৰ ৰাজ্যখনতে সুকীয়া স্থান লাভ কৰিবলৈ সক্ষম হৈছে ।এই বিশেষ নাৰ্ছাৰী খন পৰিদৰ্শন কালত কৃষি বিজ্ঞান কেন্দ্ৰৰ প্ৰমুখ্য বিজ্ঞানী ড°সন্তোষ কুমাৰ বৈশ্য,বিষয় বিশেষজ্ঞ ক্ৰমে ড°হৰিচৰণ কলিতা,ড°উৎপল কুমাৰ ভট্টাচার্যক সংগ দিয়ে গোৱালপাৰা জিলা কৃষি বিষয়া প্ৰশেনজিৎ বৰা আৰু ,জিলা কৃষি তথ্য বিষয়া ৱাহিদ আহমেদে।

Exit mobile version