মঙলৰ মাটিত ঘূৰি ফুৰিছে নাছাৰ ৰােভাৰে

nasa rover

মঙলৰ মাটিত প্রথম ‘টেষ্ট ড্রাইভ’তে সফল হ’ল নাছাৰ ৰােভাৰ পাৰছেভাৰেন্স। ৰঙাগ্রহৰ মাটিত বৃহস্পতিবাৰে ৩৩ মিনিট ধৰি ঘূৰা-পকা কৰে এই ৰব’ট যানখনে । এই কথা সদৰী কৰিছে আমেৰিকাৰ মহাকাশ গৱেষণা সংস্থা নাছাই। মঙলগ্রহৰ অভিযানত এয়া এক অনন্য মাইলৰ খুঁটি বুলি উল্লেখ কৰিছে নাছাই ।

ৰব’ট যানখনৰ এই সাফল্যত স্বাভাৱিকভাৱে উল্লসিত হৈ পৰিছে ‘পাৰছেভাৰেন্স’ৰ মবিলিটী টেষ্ট বেড ইঞ্জিনীয়াৰ এনেইছ জাৰিফিয়ান। কেলিফর্ণিয়াৰ পাছাড’নাত থকা নাছাৰ জেট প্র’পালচন লেবৰেটৰীৰ পৰা সংবাদ মাধ্যমৰ আগত জাৰিফিয়ানে কয়, ‘এয়া আৰম্ভহে হৈছে । আমি আৰু দীঘলীয়া টেষ্ট ড্রাইভ কৰিম।

‘পাৰছেভাৰেন্স’ৰ এই সফল যাত্ৰাৰ পাছত সেই ফটো প’ষ্ট কৰি নাছাৰ টুইটাৰ হেণ্ডলত জাৰিফিয়ানে লিখিছে, “আমাৰ টেষ্ট ড্রাইভ সাংঘাতিক হৈছে। দেখাই পাইছে, মঙলৰ মাটিত আমি চকাৰ দাগ ৰাখি অআহিছাে। চকাৰ দাগ বহুবাৰেই দেখিছাে। কিন্তু কেতিয়াও ইমান সুখী হােৱা নাছিলাে। নাছাৰ বিজ্ঞানীসকলে জনাইছে, ছয়চকীয়া ৰব’ট যানখনে বৃহস্পতিবাৰে ৰঙাগ্রহৰ ২১.৩ ফুট অঞ্চলত ঘূৰা-পকা কৰে।

কেনে আছিল সেই যাত্রাপথ ? নাছাই জনাইছে, প্রথমে ১৩.১২ ফুট আগুৱাই গৈ ১৫০ ডিগ্রী বাঁওফালে মুখ ঘূৰাই পাৰছেভাৰেন্সে। ইয়াৰ পাছত পিছুৱাই আহে ৮.২ ফুট।প্রথমবাৰত পৰীক্ষামূলকভাৱে ২১ ফুটৰ সামান্য বেছি অঞ্চলত ঘূৰা-পকা কৰিলেও ভৱিষ্যতে মঙলৰ মাটিত ৰব’ট যানখনে আৰু দীঘলীয়া পথ অতিক্রম কৰিব পাৰিব নে নােৱাৰে, সেই সম্ভাৱনাও চালি-জাৰি চাইছে নাছাই ।

সকলাে ঠিকে-ঠাকে ঠাকিলে পৰৱর্তী দুটা দিনতাে মঙলৰ মাটিত বিচৰণ কৰিব পাৰছেভাৰেন্সে। উল্লেখ্য যে পৃথিৱীতকৈ মঙলত এটা দিনৰ সময়সীমা সামান্য বেছি হয়। নাছাই জনাইছে যে মঙলৰ এটা দিনৰ সময় অনুসৰি ৰব’ট যানখনে দিনে প্রতি দুশ মিটাৰ ঘূৰা-পকা কৰিব পাৰে। যদিও এই ক্ষেত্ৰত দক্ষতাত পূর্বে প্ৰেৰণ কৰা নাছাৰ ৰােভাৰ ‘কিঅৰিছিটি’ৰ তুলনাত পিৰছেভাৰেন্স আগুৱাই আছে ।

“কিঅ’ৰিছিটি’ৰ তুলনাত পাৰছেভাৰেন্সে পাঁচগুণ দ্রুতিগতিত আগুৱাই যাব পাৰে বুলিও নাছাই জনাইছে । মঙলত ভৰি দিয়াৰ আঠ বছৰৰ পাছতাে এতিয়াও নিজৰ কাম কৰি আছে কিঅৰিছিটিয়ে। উল্লেখ্য যে মঙলত প্ৰাণৰ অস্তিত্ব আছিল নে নাই, তাৰ সন্ধান উলিওৱাৰ বাবেই যােৱা বছৰৰ ৩০ জুলাই ৰঙাগ্রহলৈ ৰাওনা হৈছিল নাছাৰ ৰব’ট যান পাৰছেভাৰেন্স।

যােৱা ১৮ ফেব্ৰুৱাৰীত যানখনে মঙলৰ মাটিত ভৰি দিয়ে। আগন্তুক দুবছৰৰাে অধিক কাল যানখন মঙলতে থাকিব। অৱশ্যে ভৱিষ্যতে ইয়াৰ সময়সীমা বাঢ়িব পাৰে বুলিও নাছাৰ বিজ্ঞানীয়ে জনাইছে । মঙলৰ ভূমিৰ পৰা ৩০টা শিল আৰু মাটিৰ নমুনা সংগ্রহ কৰি এটা বন্ধ টিউবৰ মাধ্যমেৰে পৃথিৱীলৈ প্রেৰণৰ কামত ব্যৱহাৰ কৰা হৈছে এই ৰব’ট যানক । আগন্তুক ২০৩০ পর্যন্ত সেই নমুনাবােৰ পৰীক্ষা-নিৰীক্ষাৰ বাবে পৃথিৱীলৈ প্ৰেৰণ কৰাই হ’ব পাৰছেভাৰেন্সৰ অন্যতম লক্ষ্য।

Exit mobile version