বিগত কেইটামান বৰ্ষত কিষাণ ক্রেডিট কার্ড পৰিসৰ দেশৰ ক্ষুদ্র কৃষক,পশুপালক আৰু মাছমৰীয়া শ্ৰেণীৰ প্রাথমিক উৎপাদকসকলৰ মাজলৈ বহুলভাৱে সম্প্রসাৰিত কৰা বুলি দাবী কৰিছে কেন্দ্রই।
শেহতীয়াকৈ প্রধানমন্ত্রী নৰেন্দ্ৰ মােদীয়ে এক ৱেবিনাৰত অংশগ্রহণ কৰি এই বিষয়ে সদৰী কৰে। তেওঁ কয় যে যােৱা এবছৰতে এক কোটি ৮০ লাখৰাে অধিক কৃষকক ক্রেডিট কার্ড প্রদান কৰা হৈছে। লগতে ছয়-সাত বছৰ আগৰ তুলনাত ঋণৰ ব্যৱস্থা দুগুণতকৈ অধিক বৃদ্ধি কৰা হৈছে বুলিও তেওঁ কয়।
উল্লেখ্য যে দেশৰ ক্ষুদ্ৰ কৃষকসকলক লক্ষ্য ৰাখি মােদী চৰকাৰে বহুবছৰ ধৰি বহুতাে গুৰুত্বপূর্ণ সিন্ধান্ত লৈছে। এই শ্ৰেণীৰ ক্ষুদ্র কৃষকসকলৰ সংখ্যা প্রায় ১২ কোটি আৰু তেওঁলােকৰ সবলীকৰণ তথা সশক্তিকৰণে গ্রাম্য অর্থনীতিৰ চালিকা শক্তি হিচাপে কাম কৰিব বুলি আশা কৰিব পাৰি।