ধুবুৰী আৰু গৌৰীপুৰত কংগ্ৰেছ কৰ্মীৰ উত্তাল প্ৰতিবাদ

প্ৰতিবাদকাৰীয়ে জ্বলালে দলীয় পতাকা বেনাৰ

সমগ্ৰ ৰাজ্যতে দলীয় টিকট কেন্দ্ৰীক সংঘাত অব্যাহত থকাৰ সময়তে আজি ধুবুৰীৰ কংগ্ৰেছ কাৰ্যালয় ৰাজীৱ ভৱনতত টিকট কেন্দ্ৰীক সংঘাতে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰাৰ লগতে গৌৰীপুৰৰ ১৭ নং ৰাষ্ট্ৰীয় ঘাই পথৰ ওপৰত কংগ্ৰেছ কৰ্মীসকলে উত্তাল প্ৰতিবাদ কৰি দলীয় নেতৃত্বৰ বিৰুদ্ধে গৰজি উঠে।

আজি দুপৰীয়া ১:৩০ বজাত, ধুবুৰীৰ কংগ্ৰেছ কাৰ্যালয় ৰাজীৱ ভৱনত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে কংগ্ৰেছ কৰ্মীসকলে।
কংগ্ৰেছ কৰ্মীসকলে ৰকিবুল হুছেইন মূৰ্দাবাদ, ওৱজেদ আলি চৌধুৰীৰ দলালি নচলিব আদি বিভিন্ন শ্ল’গান দি উত্তাল কৰি তোলে আকাশ বতাহ। শেষত, প্ৰতিবাদকাৰীয়ে দলীয় পতাকা বেনাৰ আদি জ্বলাই দিয়ে।

মহাজোঁটৰ এআইইউডিএফৰ প্ৰাৰ্থী নজৰুল হকক ধুবুৰীৰ প্ৰাৰ্থিত্ব প্ৰদান কৰাক কেন্দ্ৰ কৰি এই উত্তাল প্ৰতিবাদ । প্ৰতিবাদকাৰীৰ গুৱাহাটীৰ ৰাজীৱ ভৱন ঘেৰাও কৰাৰ হুংকাৰ । ধুবুৰী বিধান সভা সমষ্টিত কংগ্ৰেছৰ দলীয় প্ৰাৰ্থী প্ৰদানৰ দাবীত এই উত্তাল প্ৰতিবাদ। উত্তজিত কংগ্ৰেছ কৰ্মীয়ে কংগ্ৰেছৰ বেনাৰ, প’ষ্টাৰ আদি জ্বলাই দিয়ে । ঘটনাস্থলীত আৰক্ষী আৰু অৰ্ধ সামৰিক বাহিনী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে ।

ইফালে, আজি বিয়লি চাৰি বজাত, ধুবুৰী চহৰৰ তেতুলতলা মোৰত অৱস্থিত, এ আই ইউ ডি এফৰ দক্ষিণ শালমাৰা সমষ্টিৰ দলীয় কাৰ্যালয়ত, উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। ২০০৬ ত দক্ষিণ শালমাৰাত জন্ম হোৱা এআইইউডিএফ দলটোক এইবাৰ বিধানসভা নিৰ্বাচনত, দলটোৰ কৰ্মীসকলে দক্ষিণ শালমাৰাত প্ৰৱেশ নিষেধ কৰিছে ।

কংগ্ৰেছৰ প্ৰাৰ্থী ৱাজেদ আলী চৌধুৰীক মিত্ৰজোঁটৰ প্ৰাৰ্থী ৰূপে প্ৰক্ষেপ কৰাত এতিয়া খঙতে অগ্নিগৰ্ভাত পৰিণত হৈছে এ আই ইউ ডি এফৰ কৰ্ম-কর্তাসকল । আজি ধুবুৰীৰ ১ নং ৱাৰ্ডৰ তেতুল তোলাত থকা এআইইউডিএফৰ কাৰ্যালয়ত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে এআইইউডিএফৰ কে’বা শতাধিক নেতা কৰ্মীসকলে ।

কাৰ্য্যালয়ৰ সকলো বয়-বস্তু ভাঙি চুৰমাৰ কৰাৰ লগতে বেনাৰ প’ষ্টাৰ আদি সকলো বয়বস্তু বাহিৰলৈ ওলাই লৈ অগ্নি সংযোগ কৰে দলৰ নেতা কৰ্মীসকলে । উল্লেখ্য যে, আজিৰ পৰা আজমলক চিৰ বিদায় দিয়াৰ লগতে দক্ষিণ শালমাৰাত পশু খেদা দিয়া হ’ব বুলিও হুংকাৰ দিয়ে দলীয় কৰ্মীসকলে ।

এইবেলি বিধানসভা নিৰ্বাচনত, নিৰ্দলীয় প্ৰাৰ্থীও প্ৰক্ষেপ কৰাৰ প্ৰস্তুতি লৈছে ক্ষোভিত এআইইউডিএফৰ দলীয় কৰ্মীসকলে । লগতে সমষ্টিটোক দুৰ্নীতি মুক্ত সমষ্টি হিচাপে গঢ়ি তুলিব বুলিও সকীয়াই দিয়ে কৰ্মীসকলে ।

Exit mobile version