৫৪ নং পশ্চিম গুৱাহাটীত সমষ্টিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থীক লৈ বিজেপি তৃনমুল কৰ্মীৰ ক্ষোভৰ বৰ্হিপ্ৰকাশ

880469f9 ea9d 4930 8fd8 e6f0b4452966

আগন্তুক ২০২১বৰ্ষৰ বিধানসভা নিৰ্বাচনলৈ আৰু মাত্ৰ কেইটামান দিন বাকী থকা অৱস্থাত, মিত্ৰজোঁটৰ আসন ভাগবতৰাক লৈ তৃনমুল বিজিপি কৰ্মীৰ ক্ষোভৰ উদ্গীৰণ দেখিবলৈ পোৱা গৈছে ৷

৫৪ নং পশ্চিম গুৱাহাটী সমষ্টি আসনখন বিজেপিয়ে অসম গণপৰিষদক এৰি দিয়াৰ কথা জানিব পাৰি তৃনমুল বিজেপি কৰ্মীয়ে সহজভাৱে লব পৰা নাই ৷নিজৰ দলৰ নেতা গৰাকীক কাষত নাপায় ক্ষোভত ফাটি পৰে তৃনমুল কৰ্মী সকল ৷

ইয়াৰ বাবে আজি দিনৰ ১১বজাত বিজেপিৰ দক্ষিণ গুৱাহাটী মন্ডল,পশ্চিম গুৱাহাটী মন্ডল, ৰানী মন্ডলৰ উদ্যোগত লখৰা চাৰিআলিত এক প্ৰতিবাদী কাৰ্যসূচী ৰুপায়ন কৰা হয়৷ প্ৰতিবাদস্হলীত উপস্থিত হৈ আামক হাতী নালাগে,আমাক পদুম লাগিবই, আমাৰ দাবী কেন্দ্ৰীয় ’ৰাজ্যিক নেতৃত্বই মানি লবই লাগিব ধ্বনিৰে ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথ অবৰোধ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৷

প্ৰতিবাদস্থলীত গুৱাহাটী মহানগৰ জিলাৰ কিষান মৰ্চাৰ সাধাৰণ সম্পাদক প্ৰবীৰ পাল,ৰানী মন্ডলৰ সভাপতি হৰকান্ত নাথ,পশ্চিম গুৱাহাটী মন্ডলৰ সভাপতি দেৱজিত ৰাজবংশীয়ে প্ৰতিবাদ স্হলিত অংশ গ্ৰহন কৰি কয় কোনো কাৰনত অসম গন পৰিষদক পশ্চিম গুৱাহাটী সমষ্টি এৰি দিয়া নহব ৷

প্ৰয়োজন সাপেক্ষে বন্ধুত্বমূলক ভাবে প্ৰাৰ্থী প্ৰক্ষেপ কৰক ৷ বিজেপিয়ে এইবাৰ প্ৰাৰ্থী পক্ষেপ কৰিব বুলি ইতিমধ্যে কেন্দ্ৰীয়, ৰাজ্যিক নেতৃত্বক অৱগত কৰিছে৷ আন একাংশ প্ৰতিবাদকাৰীয়ে কোনো কাৰনত অসম গণপৰিষদক সমৰ্থন নজনাই বুলি উল্লেখ কৰে ৷ প্ৰয়োজনত ভোট প্ৰদান কৰিব, তথাপি অসম গণপৰিষদক সহযোগ নকৰাৰ হুংকাৰ দিয়ে একাংশ মহিলা কৰ্মীয়ে ৷

উল্লেখযোগ্য যে বিজেপি তৃনমুলৰ প্ৰায় তিনি শতাধিক কৰ্মীয়ে প্ৰতিবাদ সাব্যস্ত কৰি ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথ অবৰোধ কৰে ৷ যাৰ ফলত পথচোৱাত যঠেষ্ট যানজঁটৰ সৃষ্টি হয় ৷ পিছত আৰক্ষীৰ উচ্চ পদস্ত বিষয়াৰ উপস্থিতিত পৰিস্থিতি নিয়ন্ত্ৰণ কৰে ৷ইপিনে বিজিপি তৃনমুল কৰ্মীয়ে স্হানীয় সাংসদ কুইন ওজাঁৰ বিৰুদ্ধে ক্ষোভ উজাৰে ৷ সাংসদ গৰাকীয়ে এই ক্ষেত্ৰত কোনো ভুমিকা গ্ৰহন নকৰি মৌনতা অবলম্বন কৰা বুলি অভিযোগ উত্থাপন কৰে ৷ একাংশ মহিলা কৰ্মীয়ে সাংসদ কুইন ওজাক অবগত কৰিছিল যদিও সাংসদ গৰাকীয়ে প্ৰতিবাদ কৰিলে একো লাভ নহব বুলি কোৱাত মহিলা কৰ্মী সকলে সাংসদ গৰাকীৰ বিৰুদ্ধে ক্ষোভিত হৈ পৰে ৷

Exit mobile version