কোকৰাঝাৰ জিলাৰ ফকিৰাগ্ৰাম ব্লক কমিটিৰ অন্তৰ্গত আজি ইউপিপিএল দলৰ বৰুৱাপাৰা প্ৰাইমাৰী কমিটিৰ এক কাৰ্যালয়ৰ উদ্বোধন কৰে। উক্ত উদ্বোধনি অনুষ্ঠানত উপস্থিত থাকি ৰঙা ফিতা কাটি কাৰ্যালয়টোৰ উদ্বোধন কৰে ইউপিপিএল দলৰ নেতা তথা এবছুৰ প্ৰাক্তন সাধাৰণ সম্পাদক লৰেঞ্চ ইচলাৰীয়ে।
আজিৰ শুভ উদ্বোধনি অনুষ্ঠানত লৰেঞ্চ ইচলাৰীৰ লগতে উপস্থিত থাকে সদৌ বিটিআৰ অনুসূচীত জাতি ছাত্র সন্থাৰ সাধাৰণ সম্পাদক সূজীত দাস, নয়ন সূত্রধৰৰ লগতে ইউপিপিএল দলৰ ব্লক আৰু প্ৰাইমাৰী পৰ্যায়ৰ বহুতো নেতা কৰ্মীয়ো উপস্থিত থাকে। ইউপিপিএল দলৰ নিৰ্বাচনী কাৰ্যালয়টো বৰুৱাপাৰাৰ দৰে গ্ৰাম্য অঞ্চলত মুকলি হোৱাত বিপিএফৰ দখলত থকা ৩০ নং কোকৰাঝাৰ পূৱ সমষ্টিৰ বিপিএফৰ জেষ্ঠ্য নেতৃ প্ৰমিলা ৰানী ব্ৰহ্মৰ দূৰ্গত এক মোক্ষম আঘাত কৰিব বুলিও ৰাজনৈতিক সচেতক মহলে অনুমান কৰিছে।
ইপিনে এবছুৰ প্ৰাক্তন সাধাৰণ সম্পাদক লৰেঞ্চ ইচলাৰীয়ে ভাষন প্রসংগত কয় যে বিটিআৰত প্ৰমোদ বড়ো নেতৃত্বাধীন ইউপিপিএল, জিএসপি আৰু বিজেপি ৰ এখন পৰিবৰ্তনৰ সুস্থ চৰকাৰ গঠন হৈছে। এই চৰকাৰখনে বিটিআৰ অঞ্চলৰ সমগ্ৰ জাতি জনগোষ্ঠীৰ হৈ কাম কৰিব সেই হেতুকে অনাগত বিধানসভা নির্বাচনত ইউপিপিএল দলৰ প্ৰাৰ্থীক ভোট প্ৰদান কৰি জয়যুক্ত কৰিবলৈ আহ্বান জনায়।