চক্ৰ বিষয়াৰ তদন্তৰ প্ৰতিবেদনত ওলাল লাট মণ্ডল ৰমজান আলীৰ দুৰ্নীতিৰ তথ্য

WhatsApp Image 2018 11 16 at 6.43.53 PM

ধুবুৰী ৰাজহ চক্ৰ বিষয়াৰ কাৰ্য্যালয়ত মাটি নামজাৰী আৰু কিনা-বেচাৰ ক্ষেত্ৰত বিভিন্ন সময়ত ব্যাপক দুৰ্নীতি অনিয়ম সংঘটিত হোৱাৰ অভিযোগ উত্থাপিত হৈছে । ধুবুৰীৰ গৌৰীপুৰৰ মাটি এডোখৰক লৈ উত্থাপিত তেনে অভিযোগৰ ভিত্তিত কিছুদিন পূৰ্বে এগৰাকী লাট মণ্ডলক গ্ৰেপ্তাৰ কৰিছিল ধুবুৰী আৰক্ষীয়ে । অৱশ্যে লাট মণ্ডল জনে দুৰ্নীতি অনিয়মত লিপ্ত নথকাৰ বাবে ন্যায়ালয়ে জামিনত মুকলি কৰি দিছিল মণ্ডলগৰাকীক ।

উক্ত মাটিৰ নামজাৰী কৰাত দুৰ্নীতি অনিয়মৰ আশ্ৰয় লোৱা লাট মণ্ডলগৰাকী আজিও গ্ৰেপ্তাৰ নহ’ল। গৌৰীপুৰৰ আশাৰিকান্দি অঞ্চলৰ ২২, ২৩ আৰু ২৪ নং দাগৰ পৰা চিৰাজুল হক নামৰ লোকজনে ১৩ বিঘা দুই কঠা তিনি লেছা মাটি ক্ৰয় কৰিছিল। যদিও ভুলক্ৰমে ২৬, ২৭ নং দাগৰ মাটিখিনি নামজাৰী কৰা হৈছিল চিৰাজুলৰ নামত। পৰৱৰ্তী সময়ত উক্ত ভুল সংশোধন কৰা হয়।

ইপিনে, উক্ত মাটি সংক্ৰান্তীয় গোচৰৰ ভিত্তিত কিছুদিন পূৰ্বে এগৰাকী লাট মণ্ডল গ্ৰেপ্তাৰ হয় যদিও তেওঁ জামিন লাভ কৰে । তথ্য অনুসৰি, ২০১৭ত তদানীন্তন লাট মণ্ডল ৰমজান আলী শেখৰ কাৰ্যকালত গৌৰীপুৰৰ অন্তৰ্গত আশাৰীকান্দি গাঁৱৰ ৪৪২ নং ম্যাদী পাট্টাৰ ২৬ নং দাগৰ এক বিঘা ১৩ লেছা, ১০ নং ম্যাদী পাট্টাৰ ২৭ নং দাগৰ দুই বিঘা ১১ লেচা মাটিত চিৰাজুল হকৰ নামত ৰেকৰ্ডভুক্ত হৈছিল । যদিও মূল ৰেকৰ্ডত উক্ত মাটিখিনি শিল্পা শোভাচাৰীয়াৰ নামত ৰেকৰ্ডভুক্ত কৰা আছিল।

উক্ত মাটিৰ ২৬ নং দাগৰ এক বিঘা চাৰি কঠা ১৩ লেছা আৰু ২৭ নং দাগৰ দুই বিঘা ১১ লেছা মাটি চিৰাজুল হকে ক্ৰয় কৰা বুলি যোৱা ২০১৭ৰ তিনি মে’ত ১১২/২০১৬-১৭ আৰু ১১৩/২০১৬-১৭ নং পথাৰ নামজাৰী গোচৰ মূলে সংশোধন কৰা হয় । ইপিনে, তদন্তৰ পাছত উক্ত ২৬ নং দাগৰ এক বিঘা চাৰি কঠা ১৩ লেছা আৰু ২৭ নং দাগৰ দুই বিঘা ১১ লেছা মাটিত দলিল মূলে প্ৰকৃততে পাট্টাদাৰ চিৰাজুল হকৰ কোনো দখল নাই বুলি লাট মণ্ডলৰ প্ৰতিবেদনত স্পষ্টভাৱে উল্লেখ কৰে।

কাৰণ, উক্ত মাটিখিনিত পূৰ্বৰ পৰাই পাট্টাদাৰ হিচাপে আছে মাটিৰ গৰাকী শিল্পা শোভাচাৰীয়া । তাৰোপৰি উক্ত মাটিখিনত শিল্পাৰ কাৰখানা আছিল বুলিও প্ৰতিবেদনত উল্লেখ আছে । ইয়াৰ পাছতো উক্ত মাটিখিনি ৰহস্যজনকভাৱে চিৰাজুল হকৰ নামত নামজাৰী হয় ২০১৭ত।

বৃহৎ পৰিমাণৰ ধনৰ বিনিময়ত তদানীন্তন লাট মণ্ডল ৰমজান আলী সেখে মাটিখিনি অবৈধভাৱে চিৰাজুলৰ নামত নামজাৰী কৰি দিয়ে বুলি অভিযোগ উত্থাপন হৈছে । এই সন্দৰ্ভত ২/২০২০-২১ নম্বৰৰ এখন মিছ কেচৰ ভিত্তিত মাটিখিনি পুনৰ বিভাগীয় নীতি নিয়ম অনুসৰি শিল্পাৰ নামত নামজাৰী কৰা হয়।

শেহতীয়াকৈ যোৱা ১৮ ফেব্ৰুৱাৰীত গৌৰীপুৰ চক্ৰৰ দায়িত্বত থকা চক্ৰ বিষয়াই ক্ষেত্ৰ ভিত্তিক তদন্ত কৰাৰ পাছত ২২ ফেব্ৰুৱাৰীত তদন্তৰ প্ৰতিবেদন দাখিল কৰে। উক্ত তদন্তৰ প্ৰতিবেদনত লাট মণ্ডল ৰমজান আলী আৰু মাটি ক্রেতা চিৰাজুল হকৰ জালিয়াতিৰ তথ্য ওলাই পৰিছে। লাট মণ্ডল ৰমজান আলীৰ দিনত হোৱা ভুলখিনিৰ বাবে আৰক্ষীৰ ৰোষত পৰিছিল নমেজ উদ্দিন আহমেদ নামৰ আন এজন লাট মণ্ডল । এতিয়া প্ৰকৃততে দুৰ্নীতিগ্ৰস্ত লাট মণ্ডলৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰিব সেয়া লক্ষণীয় হ’ব ।

Exit mobile version