গোসাঁইগাঁৱৰ দাৱাগুৰিত মহা শিৱৰাত্ৰি উৎসৱৰ ৰূপালী জয়ন্তী

WhatsApp Image 2021 03 11 at 5.55.09 PM

প্ৰতি বছৰৰ দৰে এইবেলিও গোসাঁইগাঁও মহকুমাৰ অসম-বংগ সীমান্তৱৰ্তী দাৱাগুৰিস্থিত বাথৌপুৰী জগন্নাথ ধামত আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে মহা শিৱৰাত্ৰি পূজাৰ আয়োজন কৰা হৈছে। লগতে উক্ত মন্দিৰৰ ৰূপালী জয়ন্তী বৰ্ষ পালনৰ বাবেও একাধিক কাৰ্যসূচী গ্ৰহণ কৰি যাৱতীয় প্ৰস্তুতি সম্পূৰ্ণ কৰি তোলা হৈছে । এই তথ্য দিয়ে মন্দিৰ তথা উৎসৱ পৰিচালনা সমিতিৰ সাধাৰণ সম্পাদক সমৰেন্দ্ৰ মুছাহাৰীয়ে ।

এই উৎসৱৰ ৰূপালী জয়ন্তী বৰ্ষ উপলক্ষে মন্দিৰ তথা সংলগ্ন ঠাইসমূহ আটক ধুনীয়াকৈ সজাই পৰাই তোলা হৈছে। ৰূপালী জয়ন্তী উপলক্ষে প্ৰকাশ কৰা ‘ছিজৌ’ নামৰ এখন স্মৃতি গ্ৰন্থৰ উন্মোচন কৰা হ’ব দুই বাজি ৪৪ মিনিটত । প্ৰথমে প্ৰাহৰিক পূজা হ’ব।

সকলো জাতি জনগোষ্ঠীৰ হেজাৰ হেজাৰ ধৰ্মপ্ৰাণ লোকে মহা শিৱৰাত্ৰি উপলক্ষে আয়োজিত অনুষ্ঠানত উপস্থিত থাকিব বুলি আয়োজক সমিতিয়ে সদৰী কৰে।

Exit mobile version