বৈঠালাংছ বিধানসভা সমষ্টিত কংগ্ৰেছৰ প্ৰাৰ্থীত্ব লাভ কৰা যুৱ নেতা অগষ্টীন ইংহিক উষ্ম আদৰণি

মনোনয়ন পত্ৰ দাখিল

WhatsApp Image 2021 03 12 at 6.14.55 PM

২০ নম্বৰ বৈঠালাংছ বিধানসভা সমষ্টিত কংগ্ৰেছৰ প্ৰাৰ্থীত্ব লাভ কৰা তৰুণ মুখৰ যুৱ নেতা অগষ্টীন ইংহিক উষ্ম আদৰণি। পশ্চিম কাৰ্বি আংলঙৰ ফৰেষ্ট বজাৰৰ পৰা খেৰণিস্থিত কংগ্ৰেছ কাৰ্যালয়লৈ এক বিশাল পদযাত্ৰাৰে আদৰণি জনোৱা পৰিলক্ষিত হয় প্ৰাৰ্থীগৰাকীক। আতচবাজি, নৃত্য-গীত, নেগেৰা নাম আদিৰে ৰাইজ তথা সমৰ্থকে উৎফুল্লিত হৈ উষ্ম আদৰণি জনোৱা পৰিলক্ষিত হয় ইংহিক।

আদৰণি অনুষ্ঠানৰ মাজতেই ২০ নম্বৰ বৈঠালাংছ বিধানসভা সমষ্টিত বিপুল ভোটেৰে কংগ্ৰেছৰ জয় হ’ব বুলি দাবী কৰে যুৱ নেতা তথা প্ৰাৰ্থী ইংহিয়ে । ইয়াৰ পাছতেই আজি ইংহিয়ে দাখিল কৰে মনোনয়ন পত্ৰ।

জিলাখনৰ সদৰস্থিত হামৰেণ জিলা উপায়ুক্ত কাৰ্যালয়ত কংগ্ৰেছ প্ৰাৰ্থীগৰাকীয়ে শতাধিক দলীয় সমৰ্থকক লগত লৈ তেওঁৰ মনোনয়ন পত্ৰ জিলা নিৰ্বাচনী বিষয়াৰ হাতত প্ৰদান কৰি তুমুল প্ৰতিদ্বন্দিতাৰ বাবে নিজকে সাজু কৰি তোলে। উল্লেখযোগ্য যে আজি অসম বিধানসভাৰ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰ প্ৰদানৰ আছিল অন্তিমটো দিন।

Exit mobile version