মানুহৰ মনটো পৰিস্থিতিৰ স’তে খাপ খুৱাবলৈ প্ৰতিটো ক্ষণতে পৰিৱৰ্তন হােৱাটো এক স্বাভাৱিক প্রক্রিয়া। মন আৰু মস্তিষ্কৰ মাজত ওতঃপ্রােত সম্পর্ক থকা বাবেই এই পৰিস্থিতি আৰু সময় সাপেক্ষে মানসিক অৱস্থাৰ পৰিৱৰ্তন হৈ থাকে। কেতিয়া এনে পৰিৱর্তন হয় বা হ’ব পাৰে তাৰ পূর্বানুমান কোনেও কৰিব নােৱাৰে। কিছুসময় আগলৈকে আনন্দিত হৈ থকা মনটো হঠাতেই কোনাে বিষয়ক কেন্দ্ৰ কৰি বিষাদগ্রস্ত হ’ব পাৰে। যিহেতু মানসিক কার্যসমূহ মস্তিষ্কৰ বিভিন্ন অংশই নিয়ন্ত্রণ কৰে সেয়েহে ইয়াত হােৱা ৰাসায়নিক পৰিৱৰ্তনৰ লগে লগে মানসিক অৱস্থাৰ পৰিৱৰ্তন হৈ থাকে আমাৰ সকলােৰে অজ্ঞাতে। এইটো সকলােৰে জ্ঞাত যে শৰীৰ আৰু মনৰ মাজত ভাৰসাম্য ৰক্ষা হ’লেহে মানসিক প্রশান্তি লাভ কৰাটো সম্ভৱ হয়। যেতিয়া কোনাে কাৰণত মানসিক অৱস্থাৰ পৰিৱৰ্তনৰ গ্রাফডাল তলফালে ঢাল খাবলৈ আৰম্ভ কৰে তেতিয়া মানসিক হতাশা আৰম্ভ হ’বলৈ ধৰে। অৱশ্যে এটা কথা ঠিক যে এই গ্রাফডাল কাল্পনিকহে। সাধাৰণতে এই অৱস্থাৰ কেবাটাও স্তৰ থাকে। কেতিয়াবা সামান্য আৰু আন কেতিয়াবা এই অৱস্থাই গভীৰ ৰূপ ধাৰণ কৰা দেখা যায়। যেতিয়া দুঃচিন্তা আৰু গভীৰ মানসিক সমস্যাই গা কৰি উঠে তেতিয়া যিকোনাে লােক ডিপ্রেচন বা হতাশাৰ চিকাৰ হ’ব পাৰে। এইখিনিতে এটা কথা স্পষ্ট কৰি দিব লাগিব যে কিছু সময়ৰ বাবে মনটো বেয়া লাগিলে বা অস্বস্থিত ভুগিলে তাক ডিপ্রেচন বা হতাশাত ভােগা বুলি আখ্যা দিয়া নহয়। মানসিক অৱস্থাৰ পৰিৱর্তনৰ ফলত যেতিয়া গ্রাফডাল দীর্ঘদিন ধৰি তলৰ ফালে গতি কৰি থাকে আৰু ই দুসপ্তাহৰ বেছি তেনেদৰে থাকিলে ডিপ্রেচন বা মানসিক হতাশাত আক্রান্ত হােৱা বুলি আখ্যা দিয়া হয়। এইখিনিতে উল্লেখ কৰিব পাৰি যে যেতিয়াৰে পৰা মানুহৰ বােধ শক্তি আৰম্ভ হয় তেতিয়াৰে পৰা মৃত্যুৰ আগমুহূৰ্তলৈকে কোনাে ব্যক্তি ডিপ্রেচনত ভােগাৰ আশংকা নুই কৰিব নােৱাৰি। মানসিক ভাৰসাম্যহীন অৱস্থাৰ পৰিণতিয়ে হ’ল ডিপ্রেচন। ডিপ্রেচন চাৰি প্ৰকাৰৰ— মাইল্ড,মডাৰেট চিভিয়াৰ আৰু চাইকোটিক। ডিপ্রেচনৰ কাৰণবােৰ জটিল আৰু চিকিৎসা বিজ্ঞানত বায়াে-চাইকো-ছ’চিয়েল মডেল’ হিচাপে আখ্যা দিয়া হয়।
লক্ষণসমূহ
★সাময়িকভাৱে এদিন বা দুদিনৰ বাবে যদি কোনাে এগৰাকী ব্যক্তি মানসিকভাৱে ভাৰাক্রান্ত হয় তেতিয়া তেনে অৱস্থাক ডিপ্রেচন বা মানসিক হতাশা বুলি গণ্য কৰা নহয়। যেতিয়া একেৰাহে বিষাদগ্রস্ত হৈ থাকে তেতিয়াহে ডিপ্রেচন বা মানসিক হতাশাত আক্রান্ত হােৱা বুলি কোৱা হয়। কিছুমান বিশেষ লক্ষণৰ ওপৰত ভিত্তি কৰিহে এনে অৱস্থাৰ বলি হােৱা বুলি চিহ্নিত কৰিব পাৰি।
★যেতিয়া হতাশাত ভােগে তেতিয়া যিকোনাে লােকৰ টোপনিৰ ক্ষেত্ৰত কিছু পার্থক্য পৰিলক্ষিত হয়। কেতিয়াবা টোপনি বেছি হয় আৰু কেতিয়াবা একেবাৰেই নহয়। এনে মানসিক ভাৰসাম্য অৱস্থাত ৰােগীয়ে অনুভৱ নকৰে টোপনি বেছি হৈছে নে কম হৈছে, অন্য লােকেহে যদি ভালদৰে লক্ষ্য কৰে তেতিয়াহে অনুমান কৰিব পাৰে।সাধাৰণতে এনে অৱস্থাৰ বলি হ’লে আক্রান্ত লােকজনৰ খােৱা-বােৱাৰ প্রতি অনীহা জন্মিবলৈ ধৰে। আনকি খাবলৈ মন নকৰে বাবে ক্ষীণাবলৈ আৰম্ভ কৰে। সময়মতে আৰু উপযুক্তভাৱে আহাৰ গ্ৰহণ নকৰা বাবে কিছুমানৰ শৰীৰৰ ওজন হ্রাস পায়।
★দৈনন্দিন জীৱনত দেখা যায় যে সকলােবােৰ কামতে জঠৰতা আছে। কোনাে এটা কাম সম্পাদন কৰােতে স্বাভাৱিক অৱস্থাত যিমান সময়ৰ প্রয়ােজন হয় ডিপ্রেচনত ভােগাৰ পাছত সেই কামটো কৰিবলৈ যথেষ্টসময়ৰ প্রয়ােজন হ’ব পাৰে। আনকি চাপ বেছি হ’লে চিন্তা-ভাবনা কৰিবলৈকেও বেছি সময় লাগে।
★আক্রান্ত লােকৰ দৈনন্দিন জীৱন যাত্ৰাত কেতিয়াবা সামান্য কথাতে খং উঠে। এনে লােকে সাধাৰণতে আনৰ কথা ভাবিলৈ মন নকৰে।
★আক্রান্তজনে প্রায়েই অসহায় বােধ কৰিবলৈ ধৰে। যিমানেই হতাশা গভীৰ হয় সিমানেই নিঃসংগ জীৱন-যাপন কৰাৰ প্রতি আগ্রহী হয়।
★তেনে মনােভাব গ্রহণ কৰা বাবেই প্রতিক্ষেত্রতে মাথােন আক্রান্ত লােকজনে নেতিবাচক দিশহে বিচাৰি পায়। এনে ব্যক্তিয়ে নিজৰ অনিষ্ট সাধন কৰিবলৈ চেষ্টা কৰে।
★কেতিয়াবা আনকি কিছুমানে আত্মহত্যাৰ দৰে চৰম সিদ্ধান্ত গ্রহণ কৰে। এনে ধৰণৰ লক্ষণ। ফুটি উঠাৰ পাছত নিজৰ লগতে সমান্তৰালভাৱে বৃত্তিৰ উপৰি সমাজৰাে সমানেই ক্ষতি হয়।
★এনে ধৰণৰ লক্ষণ ফুটি উঠাৰ লগে লগে যদি এগৰাকী মনােৰােগ বিশেষজ্ঞ ওচৰলৈ পৰামর্শ গ্রহণ বাবে নিয়া হয় তেতিয়া হলে আক্রান্ত ব্যক্তিয়ে অন্তিম পর্যায়ত উপনীত হােৱাৰ আশংকা নাথাকে। এইখিনিতে উল্লেখ কৰিব লাগিব যে ব্যক্তিবিশেষে ৰােগৰ লক্ষণ বেলেগ বেলেগ হ’ব পাৰে।