জনীয়াত মিত্ৰজোঁটৰ প্ৰাৰ্থী লেখক, গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা, যুৱনেতা ছহিদুল ইছলামক উষ্ম আদৰণি। ৰাজ্যত অনুষ্ঠিত হ’বলগীয়া তৃতীয় পৰ্য্যায়ৰ নিৰ্বাচনৰ বাবে মিত্ৰজোটে ঘোষণা কৰা প্ৰাৰ্থী তালিকাত জনীয়া সমষ্টিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী অধিবক্তা ছহিদুল ইছলামক প্ৰাৰ্থীত্ব প্ৰদান কৰাৰ পাছত আজি জনীয়া সমষ্টিত পদাৰ্পন কৰে প্ৰাৰ্থী গৰাকীয়ে।
সহাস্ৰাধিক বিজেপি আৰু অগপ কৰ্মী, সমৰ্থকে বাইক ৰেলিৰে বৰপেটাৰ বিজেপিৰ কাৰ্যালয়ৰ পৰা আদৰি আনে প্ৰাৰ্থী ছহিদুল ইছলামক। মিত্ৰজোঁটৰ প্ৰাৰ্থী গৰাকীৰ আগমনৰ লগতে সংখ্যালঘূ অধ্যুখিত জনীয়া সমষ্টিত পূৰ্বতকৈ বিজেপিৰ যথেষ্ঠ উত্থান দেখিবৈ পোৱা গৈছে।
অৱশ্যে জনীয়াত কংগ্ৰেছৰ প্ৰাৰ্থী ঘোষণা হোৱা নাই যদিও কংগ্ৰেছৰ প্ৰাৰ্থীত্ব প্ৰদানৰ পূৰ্ণ সম্ভাৱনা আছে বুলিও জানিব পৰা গৈছে। এনে প্ৰেক্ষাপটত বিজেপি মিত্ৰজোটৰ প্ৰাৰ্থী ছহিদুল ইছলামে ৮০ হেজাৰ ভোট লাভ কৰি বিজয় সাব্যস্ত কৰিবলৈ সক্ষম হ’ব বুলি দাবী কৰাৰ লগতে এ আই ইউ ডি এফৰ বিধায়ক ড৹ হাফিজ ৰফিকুল ইছলামক ভেঞ্চাৰ বিধায়ক বুলি কটাক্ষ কৰি এ আই ইউ ডি এফৰ প্ৰাৰ্থী দুই নম্বৰ স্থানত থাকিব বুলি কয়।
লগতে মিঞাৰ ভোট নালাগে বুলি কোৱা বিজেপি প্ৰাৰ্থী গৰাকীৰ সুৰ সলনি হোৱাৰ লগতে সাংবাদিককেই ওভতি ধৰি নেতিবাচক বাতৰি পৰিবেশন নকৰিবলৈ আহ্বান জনায়।
ছহিদুল ইছলামে নিৰ্বাচিত হ’লে নদীৰ গৰাখহনীয়া প্ৰতিৰোধ, জনীয়া সমষ্টিত চাৰিখনকৈ মহাবিদ্যালয় স্থাপন, উদ্যোগ স্থাপন, কৃষকৰ বাবে শীতল ভৰাল, যাতায়ত, শিক্ষা আৰু স্বাস্থ্যৰ প্ৰতি গুৰুত্ব প্ৰদানৰ আশ্বাস প্ৰদান কৰে।






























