ভূপালত পুনৰ বৃদ্ধি পাইছে কৰ’না সংক্ৰমণ ,জাৰি কৰা হ’ল ১৪৪ধাৰা

Lajpat Nagar Market PTI

ক্ৰমান্বয়ে বৃদ্ধি পাইছে কৰ’না সংক্ৰমণ ।সংক্ৰমণ বৃদ্ধি পোৱাত পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ বিভিন্ন ঠাইত প্ৰশাসনে জাৰি কৰিছে তলাবন্ধ ।

ক’ভিড সংক্ৰমণৰ সংখ্যা বৃদ্ধি হোৱাৰ বাবে এইবাৰ ভূপালতো জাৰি কৰা হৈছে ১৪৪ ধাৰা ।ইয়াৰ লগতে ভূপালৰ প্ৰশাসনে যিকোনো সামাজিক অনুষ্ঠান, সভা সমিতিত ৫০ শতাংশ লোককহে উপস্থিত হ’বলৈ পৰামৰ্শ দিছে।

বন্ধ স্থানত অনুষ্ঠান নকৰিবলৈ পৰামৰ্শ প্ৰশাসনৰ । লগতে কোৱা হৈছে যে অনুষ্ঠানসমূহ কৰিবলৈ খোলা স্থানৰো অনুমতি বিচাৰিব লাগিব প্ৰশাসনৰ পৰা । নিশা ১০.৩০ বজাৰ পাছত কোনো অনুষ্ঠান কৰিব নোৱাৰিব।

ভূপাল প্ৰশাসনে কয় যে মহাৰাষ্ট্ৰৰ পৰা অহা লোকসকলক ৭২ ঘণ্টাৰ পূৰ্বেই আৰটিপিচিআৰ টেষ্ট কৰিব লাগিব। যিসকল তিনি চাৰি দিন ধৰি চহৰখনত আছে তেওঁলোককো পৃথকে ক’ভিড পৰীক্ষা কৰা হ’ব।

চহৰখনৰ কিছুমান অংশত কোনো ৰাজনৈতিক সভা, শোভাযাত্ৰা, মেলা আদি অনুষ্ঠিত কৰিব নোৱাৰিব। সকলো প্ৰশিক্ষণ প্ৰতিষ্ঠানত ৫০শতাংশ হে থাকিব পাৰিব। সকলোৱে ক’ভিডৰ নিয়মাৱলীসমূহ অনুসৰণ কৰি চলিব লাগিব।

মধ্য প্ৰদেশত সম্প্ৰতি যোৱা ২৪ ঘণ্টাত কৰ’না ৰোগত নতুনকৈ আক্রান্ত ৭৯৭ টা ঘটনা চিনাক্ত কৰিছে। ফলস্বৰূপে, সেই ৰাজ্যত কৰ’নাক্ৰান্তৰ মুঠ সংখ্যা ,দুই লাখ ৬৯হেজাৰ ৩৯১জনলৈ উপনীত হৈছে।

Exit mobile version