প্ৰতিষেধক কমকৈ সৰবৰাহ কৰাৰ বাবে হতাশ বৰিছ চৰকাৰ

uk pm

ব্ৰিটেইনত প্ৰতিষেধকৰ নাটনি । অক্সফ’ৰ্ড-এষ্ট্ৰাজেনেকাৰ জোটিয়াভাৱে তৈয়াৰ কৰা প্ৰতিষেধক ছেডেক্স১-ৰ এক বৃহৎ অংশ সৰবৰাহ কৰে ভাৰতীয় প্ৰতিষেধক প্ৰস্তুতকাৰী সংস্থা ছেৰাম ইনষ্টিটিউটে । ব্ৰিটেইনে জনায় যে, ভাৰতীয় সংস্থাটোৱে প্ৰত্যাশা কৰা অনুসৰি প্ৰতিষেধক সৰবৰাহ কৰিবলৈ সফল নোহোৱাৰ বাবেই এই সমস্যাৰ সৃষ্টি হৈছে । বাধ্য হৈ টিকাকৰণৰ গতি হ্ৰাস কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে ব্ৰিটেইন চৰকাৰে ।

সূত্ৰ অনুসৰি, এপ্ৰিলত ভাৰতলৈ আহি পুনেৰ ছেৰাম ইনষ্টিটিউটৰ স’তে আলোচনাত মিলিত হোৱাৰ সম্ভাৱনা আছে ৰাষ্ট্ৰপতি বৰিছ জনছনৰ ।

বৰিছ প্ৰশাসনৰ মন্তব্য, প্ৰতিষেধক নাটনি হোৱাৰ অন্যতম কাৰণ আগন্তুক মাহৰ ভিতৰত ছেডেক্স১-ৰ এক কোটি ড’জ সৰবৰাহ কৰাৰ কথা আছিল ছেৰাম ইনষ্টিটিউটৰ । ইনষ্টিটিউটে জনায়, সম্প্ৰতি ৫০ লাখৰ অধিক প্ৰতিষেধক তেওঁলোকে সৰবৰাহ কৰিব নোৱাৰিব ।

ব্ৰিটেইনৰ ৰাষ্ট্ৰীয় স্বাস্থ্য পৰিসেৱা (এনএইচএছ)এ ইতিমধ্যে পত্ৰযোগে বিভিন্ন স্বাস্থ্য প্ৰতিষ্ঠান, চিকিৎসালয়সমূহক টিকাকৰণৰ গতি হ্ৰাস কৰিবলৈ কৈছে । জনসাধাৰণৰক জনোৱা হৈছে যে, ৫০ৰ অনুৰ্ধ্বৰ লোকসকলক ইতিমধ্যে প্ৰতিষেধক প্ৰদান কৰা সম্ভৱ নহয় ।

অক্সফ’ৰ্ড-এষ্ট্ৰাজেনেকাৰ স’তে বছৰি দুশ কোটি প্ৰতিষেধক প্ৰস্তুত কৰাৰ চুক্তি কৰিছে ছেৰাম ইনষ্টিটিউটে । যাতে উন্নত দেশসমূহৰ লগতে দুখীয়া, উন্নয়নশীল দেশসমূহকো প্ৰতিষেধকৰ যোগান ধৰিব পাৰে তেওঁলোকে । ভাৰতত ছেৰামৰ প্ৰতিষেধকৰ চাহিদা বৃদ্ধি হোৱাৰ বাবে প্ৰত্যাশা মতে প্ৰতিষেধকৰ যোগান ধৰিব পৰা নাই বুলি জনায় পুনেৰ সংস্থাটোৱে ।

ছেৰাম ইনষ্টিটিউটৰ এজন কৰ্মচাৰয়ে কয়, ‘কিছুদিন পূৰ্বে ৫০ লাখ ড’জ ব্ৰিটেইনত প্ৰেৰণ কৰা হৈছে । পাছত আৰু ড’জ প্ৰেৰণ কৰাৰ চেষ্টা কৰা হ’ব । কিন্তু বৰ্তমান পৰিস্থিতিৰ বাবে ভাৰত চৰকাৰৰ টিকাকৰণ প্ৰকল্পত আমাৰ প্ৰস্তুত প্ৰতিষেধকৰ প্ৰয়োজন ।’

Exit mobile version