গাৰ্হস্থ্য হিংসাৰ বলি হোৱা এগৰাকী যুৱতী । যিয়ে বহু নিৰ্যাতন ভোগ কৰাৰ পাছতো নিজৰ উজ্জ্বল ভৱিষ্যত গঢ়িবলৈ সক্ষম হয় । গাৰ্হস্থ্য জীৱন আৰম্ভ হোৱাৰ এবছৰৰ ভিতৰতে তেওঁ এটি সন্তানৰ মাতৃ হয় আৰু দুবছৰৰ ভিতৰতে আন এটি শিশু জন্ম দিয়ে ।
বৈবাহিক জীৱন যিমানেই আগবাঢ়িবলৈ লয় সিমানেই বৃদ্ধি হয় তেওঁৰ ওপৰত গাৰ্হস্থ্য হিংসাও । দুই সন্তানৰ লালন-পালন কৰা, নিজকে স্বামীৰ নিৰ্যাতনৰ পৰা ৰক্ষা কৰা সকলো দিশৰ পৰাই দিশহাৰা হৈ পৰিছিল তেওঁ ।
অৱশেষত এটা কঠোৰ সিদ্ধান্ত ল’বলৈ বাধ্য হয় তেওঁ । সংসাৰ ত্যাগ কৰি পিতৃ-মাতৃৰ কাষত উভতি আহে । কিন্তু তাতো সমস্যাৰ সন্মুখীন হয় তেওঁ । পিতৃৰ উপাৰ্জনেৰে সংসাৰ চলা অসম্ভৱ হৈ পৰে । সেয়ে তেওঁ উপাৰ্জনৰ বাবে সন্তান দুটিক পিতৃ-মাতৃৰ লগত থৈ ঋণ লৈ সুদূৰ অষ্ট্ৰেলিয়ালৈ পাখি মেলে ।
মনত আছিল উচ্চাকাংক্ষা । অষ্ট্ৰেলিয়াত একেবাৰে নিম্ন খাপৰ পৰা আৰম্ভ কৰে জীৱনৰ যুঁজ । সেই উচ্চাকাংক্ষাৰ ভিত্তিতেই ঘৰে ঘৰে গৈ সামগ্ৰী বিক্ৰী কৰা মহিলাগৰাকীয়ে এদিন হৈ পৰে নিউজিলেণ্ডৰ আৰক্ষী বিষয়া ।
নিউজিলেণ্ডৰ আৰক্ষীৰ উচ্চ পদত কৰ্মৰত তেঁৱেই প্ৰথম ভাৰতীয় মহিলা । এসময়ত নিজৰ সুখী জীৱনক অতীত ভাবিবলৈ লোৱা মহিলাগৰাকীয়ে আজি বিশ্ব ইতিহাসত নিজৰ নাম অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হৈছে ।
মহিলাগৰাকীৰ নাম মনদ্বীপ কৌৰ । তেওঁ পঞ্জাৱৰ এটা ৰক্ষণশীল পৰিয়ালত জন্মগ্ৰহণ কৰে । ১৮ বছৰ বয়সতে পিতৃ-মাতৃয়ে কৌৰক বিয়া দিয়ে । বিবাহৰ পাছতো জোৰ কৰি পঢ়া-শুনা অব্যাহত ৰাখিছিল মনদ্বীপে । কিন্তু দিনক দিনে বৃদ্ধি পোৱা স্বামীৰ অত্যাচাৰ আৰু তেওঁ সহ্য কৰিব নোৱাৰে ।
ইয়াৰ পাছত ১৯ বছৰ বয়সতে এটা সন্তানৰ মাতৃ হয় । জীৱন যেন আৰু দুৰ্বিষহ হৈ পৰে তেওঁৰ বাবে । তৎস্বত্তেও সংসাৰ চলাই গৈছিল । কিন্তু এদিন সেই সহ্যৰসীমা পাৰ হৈ যায় ।
মনদ্বীপে স্বামীৰ গৃহ ত্যাগ কৰোঁতে সন্তান দুটিৰ বয়স আছিল ছয় আৰু আঠ বছৰ । এজন পৰিচিত লোকৰ উপদেশত তেওঁ জীৱিকাৰ সন্ধানত ওলাই পৰে অষ্ট্ৰেলিয়ালৈ ।
ক’ত থাকিব, কি কৰিব একো ঠিক নাছিল । ইমান সন্ধান কৰাৰ মানসিক পৰিস্থিতিও নাছিল তেওঁৰ । অষ্ট্ৰেলিয়াত ছেলছ গাৰ্লৰ কাম কৰিবলৈ লয় । ভালকৈ ইংৰাজীও ক’ব পৰা নাছিল । সেয়ে যি ক’ব বিচাৰে সকলোখিনি এখন কাগজত লিখি লৈ গৈছিল ।
১৯৯৯ত তেওঁ নিউজিলেণ্ডলৈ গুচি যায়। নিউজিলেণ্ডলত টেক্সি চলাবলৈ লয় । অকলেণ্ডৰ এখন লজত থাকিবলৈ লয় মনদ্বীপে । তাতেই তেওঁৰ জন পেগলাৰ নামে এজন লোকৰ স’তে পৰিচয় হয় । লজখনৰ ৰিচিপছ’নিষ্ট আছিল জন । তেওঁ নিউজিলেণ্ডৰ প্ৰাক্তন আৰক্ষী বিষয়াও আছিল । অৱসৰৰ পাছত লজত কাম কৰিবলৈ লয় ।
মনদ্বীপৰ বাবে জন আছিল পিতৃৰ দৰে । মনদ্বীপৰ স’তে সময় অতিবাহিত কৰা, তেওঁৰ কষ্টৰ কাহিনী শুনাৰ পৰা আৰম্ভ কৰি কামৰ পৰা উভতিলে কফি দিয়া সকলোখিনি কৰিছিল জনে । জনক নিজৰ আৰক্ষী হোৱাৰ ইচ্ছা প্ৰকাশ কৰিছিল মনদ্বীপে আৰু সেইটোৱেই তেওঁৰ জীৱনৰ টাৰ্ণিং পইণ্ট হৈ পৰে ।
সাঁতোৰ, দৌৰ, নিজকে ফিট কৰি তোলা সকলো অনুশীলন আৰম্ভ হয় তেওঁৰ । এই সকলোখিনিত জন আৰু তেওঁৰ পৰিয়ালৰ লোকে সহায় কৰি গৈছিল মনদ্বীপক । ২০০২ত নিজৰ সন্তান দুটিকো নিউজিলেণ্ডলৈ লৈ আহে । ইয়াৰ দুবছৰ পাছত প্ৰথমবাৰৰ বাবে আৰক্ষীৰ পোছাক পৰিধান কৰে মনদ্বীপে । তেওঁৰ কনষ্টেবল হিচাপে নিযুক্তি হৈছিল ।
কিন্তু উচ্চাকাংক্ষা আছিল আৰক্ষী বিষয়া হোৱাৰ । একাধিকবাৰ পদোন্নতিৰ চেষ্টা বিফল হয় । অৱশেষত এগৰাকী জ্যেষ্ঠ ছাৰ্জেণ্ট হিচাপে পদোন্নতি হয় তেওঁৰ । তেঁৱেই প্ৰথম ভাৰতীয় মহিলা যিয়ে নিউজিলেণ্ড আৰক্ষীৰ উচ্চপদত কৰ্মৰত ।
বৰ্তমান মনদ্বীপৰ বয়স ৫২ বছৰ । সম্প্ৰতি তেওঁ সন্তান দুটিৰ স’তে নিউজিলেণ্ডতে বাস কৰে ।