মুম্বাইৰ অন্ধেৰি পশ্চিম নতুন ক’ভিড হটস্পট

ফাকু খেলাত নিষেধাজ্ঞা জাৰি

coronavirus testing

ভাৰতত পুনৰ দ্ৰুত গতিত বৃদ্ধি পাইছে কৰ’না সংক্ৰমণ । সকলো ৰাজ্যৰে শীৰ্ষ স্থানত আছে মহাৰাষ্ট্ৰ । দেশৰ মুঠ দৈনিক আক্ৰান্তৰ প্ৰায় ৬০ শতাংশই মহাৰাষ্ট্ৰৰ । ইতিমধ্যে মহাৰাষ্ট্ৰৰ আটাইতকৈ বেয়া পৰিস্থিতিৰ সৃষ্টি হৈছে বাণিজ্যি নগৰী মুম্বাইত ।

বৃহনমুম্বাই মিউনিচিপাল ক’ৰপ’ৰেছন (বিএমচি)য়ে জনায় যে, চহৰৰ ২৪ টা ৱাৰ্ডৰ ভিতৰত সৰ্বাধিক সংক্ৰমণ হৈছে অন্ধেৰি পশ্চিমত । সংক্ৰমণ ৰোধ কৰিবৰ বাবে জুহু সমুদ্ৰ ভ্ৰমণত নিষেধাজ্ঞা জাৰি কৰাৰ পৰিকল্পনা কৰিছে প্ৰশাসনে ।

মুম্বাইৰ সহকাৰী মিউনিচিপাল কমিছনাৰ বিশ্বাস মোতে সংবাদ মাধ্যমক জনায়, ‘সোমবাৰে অন্ধেৰি পশ্চিমৰ প্ৰায় তিনিশজন লোক কৰ’না আক্ৰান্ত হৈছে । আমি ইতিমধ্যে জুহু সমুদ্ৰৰ পাৰত কৰ্মচাৰী নিয়োগ কৰিছো । কোনোৱে মাস্ক পৰিধান নকৰিলে জৰিমনা লোৱা হ’ব । সোমবাৰৰ পৰা সমুদ্ৰৰ পাৰতেই এণ্টিজেন টেষ্ট আৰম্ভ কৰা হৈছে । পৰিস্থিতিৰ স’তে যুঁজ দিবলৈ আমি আৰক্ষী নিৰীক্ষণৰো ব্যৱস্থা কৰিছো ।

বিগত ২৪ ঘণ্টাত মুম্বাইত নতুনকৈ তিনি হেজাৰ ৫১২ জন লোক ক’ভিড আক্ৰান্ত হৈছে । ফলত মুম্বাইত মুঠ ক’ভিড আক্ৰান্তৰ সংখ্যা হৈছে, তিনি লাখ ৬৯ হেজাৰ ৪২৬ জন । যোৱা ২৪ ঘণ্টাত ক’ভিড আক্ৰান্ত হৈ আঠজন লোকে প্ৰাণ হেৰুৱাইছে । ইতিমধ্যে মুম্বাইত ১১ হেজাৰ ছয়শজন লোকৰ মৃত্যু হৈছে । সম্প্ৰতি মুম্বাইৰ মুঠ ক’ভিড আক্ৰান্তৰ সংখ্যা ২৭ হেজাৰ ৬৭২ জন ।

সংক্ৰমিতৰ সংখ্যা বৃদ্ধি পোৱাৰ বাবে বিএমচি-য়ে আগন্তুক ২৮ আৰু ২৯ মাৰ্চত মুম্বাইত ফাকু খেলাত নিষেধাজ্ঞা জাৰি কৰিছে । নিৰ্দেশনাৱলীত কোৱা হৈছে যে, ৰাস্তা-ঘাট বা ব্যক্তিগত পৰিসীমাতো ৰং খেলাত নিষেধাজ্ঞা জাৰি কৰা হৈছে । এই নিয়ম উলংঘা কৰিলে ১৮৯৭ৰ মহামাৰী আইন নাইবা ২০০৫ৰ বিপৰ্যয় যুঁজ আইনৰ অধীনত অভিযুক্ত কৰা হ’ব ।

Exit mobile version