ছবিগৃহত আহি আছে ভুল ভুলইয়া২

ভাইৰেল হ'ল ক'ভিড আক্ৰান্ত অভিনেতাৰ প'ষ্ট

Kartik Aaryan

শীঘ্ৰে মুক্তি পাব ‘ভুল ভুলইয়া২’ । ২০০৭ত পৰিচালক প্ৰিয়দৰ্শনৰ ‘ভুল ভুলইয়া’ চলচ্চিত্ৰ মুক্তিৰ পাছতে ‘পানী ছে বচকে ৰেহনা’ সংলাপটো জনপ্ৰিয় হৈ পৰে । চলচ্চিত্ৰখনত অভিনেতা ৰাজপাল যাদৱৰ চৰিত্ৰ ‘চোতে পণ্ডিত’-এ অক্ষয় কুমাৰক উপদেশ দিছিল, ‘যোৱা দুৰ্গাষ্টমীৰ দিনা আহিবা আৰু পানীৰ পৰা বাচি থাকিবা । পানীৰ পৰা ভয় আছে তোমাৰ ।’

বহু বছৰ এই সংলাপ দৰ্শকৰ বাবে হাঁহিৰ কাৰণ হৈ থাকিল । বহু বছৰৰ পাছত সংলাপটো পুনৰ বজাৰত আহিছে ! অতি শীঘ্ৰে চলচ্চিত্ৰখনৰ দ্বিতীয় ভাগ আহিব ।  দ্বিতীয় ভাগত অভিনয় কৰিব জনপ্ৰিয় অভিনেতা কাৰ্তিক আৰিয়ন, অভিনেত্ৰী কিয়াৰা আদৱানি, তব্বু আৰু ৰাজপাল যাদৱে ।

এই চলচ্চিত্ৰৰ শ্বুটিঙৰ ছেটত তুলা এখন ছবি শ্বেয়াৰ কৰি হোলিৰ শুভেচ্ছা জনালে কাৰ্তিকে । প’ষ্টত লিখিলে সেই বিখ্যাত সংলাপ ফাঁকি, ‘চোতে পণ্ডিত আৰু মোৰ তৰফৰ পৰা সকলোকে হোলিৰ শুভেচ্ছা । এই বছৰ পানীৰ পৰা বাচি থাকিব ।’ কিছু সময়ৰ ভিতৰতে লক্ষাধিক লোকে প’ষ্টটো লাইক কমেণ্ট কৰে ।

২২ মাৰ্চত সামাজিক মাধ্যমত প’ষ্ট কৰি নিজৰ ক’ভিড পজিটিভ হোৱাৰ কথা জনায় কাৰ্তিকে । তেওঁ লিখে, ‘পজিটিভ হৈ গ’লো ।’ ইয়াৰ ছয় দিন পাছতে আন এখন ছবি ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰি কেপছন দিয়ে, ‘মোৰ তলাবন্ধ হৈ গ’ল । তোমালোক সকলোৰে নাইট কাৰ্ফিউটো হওক ।’

Exit mobile version