কামৰূপ মহানগৰ জিলাৰ অন্তৰ্গত সোণাপুৰৰ লক্ষ্মিবাই নেছনেল ইনষ্টিটিউট অৱ ফিজিকেল এডুকেছন (এলএনআইপিই)ত ক’ভিড পজিটিভ পোৱা গৈছে । সেয়ে অনুষ্ঠানটোৰ শিক্ষক আৰু ছাত্ৰ-ছাত্ৰীসকললৈ কৰ’না সংক্ৰমণ নহ’বৰ বাবে এলএনআইপিই-ৰ চৌহদক ১৪ দিনৰ বাবে কণ্টেইমেণ্ট জ’ন ঘোষণা কৰা হৈছে । সোণাপুৰৰ চক্ৰ বিষয়াই অতি শীঘ্ৰে সেই অঞ্চলটো ছীল কৰিবলৈ নিৰ্দেশ জাৰি কৰে ।
আগন্তুক এসপ্তাহলৈ কণ্টেইমেণ্ট জ’নত অনুমোদন নোহোৱাকৈ প্ৰৱেশ বা প্ৰস্থান কৰিবলৈ নিষেধাজ্ঞা জাৰি কৰা হৈছে । অঞ্চলটোৰ ভিতৰত অনুমোদনহীন লোক বা বাহন চলাচল নিষিদ্ধ কৰা হৈছে । এই নিৰ্দেশ ‘অসম ক’ভিড-১৯ ৰেগুলেছনছ, ২০২০’ৰ দ্বাৰা জাৰি কৰা হৈছে । আঠ এপ্ৰিল ২০২০ৰ পৰা ২১ এপ্ৰিল ২০২০ পৰ্যন্ত এই নিৰ্দেশনা কাৰ্যকৰী থাকিব ।
কামৰূপ মহানগৰৰ জিলা উপায়ুক্তই জনায় যে, এই নিৰ্দেশ উলংঘা কৰিলে অসম ক’ভিড-১৯ ৰেগুলেছনছ ২০২০, দুৰ্যোগ পৰিচালনা আইন ২০০৫, মহামাৰী আইন ১৮৯৭ৰ অধীনত দোষী সাব্যস্ত কৰা হ’ব ।