আজি বিয়লি বেলা মানাহ ৰাষ্ট্ৰীয় উদ্যান আৰু বৰপেটা ৰোড সংযোগী মুখ্য পথৰ বাজেগাঁৱত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয় ৷ পথ দুৰ্ঘটনাত নিহত হয় এজন যুৱক ৷ নিহত যুৱকজন কাটাঝাৰৰ সুশীল ঘোষৰ পুত্ৰ লক্ষণ ঘোষ ৷
উল্লেখ্য যে, বৰপেটা ৰোডৰ পৰা মানাহ অভিমুখে আহি থকা এএছ ২৮চি ৪০৪৬ নম্বৰৰ টাটা মেজিকখনৰ স’তে বিপৰীত দিশৰ পৰা অহা নম্বৰ প্লেটবিহীন স্কুটি এখনৰ মুখামুখি সংঘৰ্ষ হয় ৷ সংঘৰ্ষত স্কুটি আৰোহী লক্ষণ ঘোষ থিতাতে নিহত হোৱাৰ উপৰি টাটা মেজিক বাহনখনত থকা বহুকেইগৰাকী লোক আহত হয় ৷
ঘটনাস্থলীত বৰপেটা ৰোড আৰক্ষী উপস্থিত হৈ স্থানীয় ৰাইজৰ সহযোগত এম্বুলেন্সৰ জৰিয়তে আহতসকলক বৰপেটা ৰোড চিকিৎসালয়লৈ প্ৰেৰণ কৰে ৷ উল্লেখ্য যে, ইয়াৰ পূৰ্বেও উক্ত ঠাইখিনিত কে’বাটাও ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হোৱাৰ প্ৰতি লক্ষ্য ৰাখি স্থানীয় ৰাইজে বিহীত ব্যৱস্থা গ্ৰহণ কৰিবলৈ প্ৰশাসনক দাবী জনাইছে ৷
স্মৰ্তব্য যে, দুৰ্ঘটনা সংঘটিত কৰিয়েই মেজিকখনৰ চালকজনে পলায়ন কৰিবলৈ সক্ষম হয় ৷ বাগ্সা জিলা আমছুৰ সভাপতি ছাইফুল ইছলাম খানে এই ঘটনাত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে, এনেকুৱা ঘটনা কিছুদিন পূৰ্বেও সংঘটিত হৈছিল ৷ এনে ঘটনাৰ যাতে পুনৰাবৃত্তি নহয় তাৰ বাবে গড়কাপ্তানি বিভাগে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিব লাগে ৷