ধুমুহা আৰু শিলাবৰ্ষনত বিস্তৰ ক্ষতি সেৰফানগুৰী অঞ্চলত

hailstorm01 1

কোকৰাঝাৰ জিলাৰ দোতমা ৰাজহচক্ৰৰ অধীন সেৰফাংগুৰী অঞ্চলত কালি সন্ধিয়াৰ ভাগত হৈ যোৱা প্ৰচণ্ড ধুমুহা আৰু শিলা বৰ্ষনে বিস্তৰ ক্ষতি সাধন কৰে ।

প্ৰচণ্ড গতিবেগত ধুমুহা বতাহ আৰু শিলাবৃষ্টিয়ে অঞ্চলটোৰ দেৱৰগাঁও, ৰমনীআশ্ৰম, কলবাৰী, নাৰাবাৰী, হাব্ৰুবাৰী, নেপালপাৰা আদি অঞ্চলৰ ঘৰ-দুৱাৰৰ লগতে গছ-গছনিতো প্ৰভাৱ পেলায় ।

ইপিনে চিথিলা, শক্তিআশ্ৰম, ফকিৰাগ্ৰাম, প্ৰতাপখাতা আদি অঞ্চলতো ধুমুহাত ক্ষতি হোৱা বাতৰি পোৱা গৈছে ।

Exit mobile version