তামিল চলচ্চিত্ৰৰ বিশিষ্ট অভিনেতা বিবেকৰ দেহাৱসান

970116 tamil actor vivek

তামিল চলচ্চিত্ৰ জগতৰ অন্যতম জনপ্ৰিয় অভিনেতা তথা কৌতুক শিল্পী বিবেকৰ দেহাৱসান ঘটে । বৃহস্পতিবাৰে ক’ভিডৰ প্ৰথম প্ৰতিষেধক গ্ৰহণ কৰিছিল ৫৯ বছৰীয়া অভিনেতাজনে । সেইদিনাই তেওঁ হৃদৰোগত আক্ৰান্ত হয় । বৃহস্পতিবাৰে পুৱাই ১১ বজাত তেওঁক অচেতন অৱস্থাত চিকিৎসালয়লৈ লৈ যোৱা হয় । তেওঁক ইচিএ‌ম‌অ’ ছাপ’ৰ্টত ৰখা হয় । অৱস্থা সূচনীয় আছিল বুলি জনায় চিকিৎসকসকলে । আজি পুৱাই শেষ নিশ্বাস ত্যাগ কৰে অভিনেতাজনে ।

তামিলনাডুৰ স্বাস্থ্য সচিবৰ উপস্থিতিত প্ৰতিষেধক প্ৰদান কৰা হয় । অভিনেতাজনৰ মৃত্যুৰ পাছত প্ৰতিষেধকৰ ওপৰত প্ৰশ্ন উত্থাপন কৰি স্বাস্থ্য সচিব ৰাধাকৃষ্ণণে জনায়, ‘এজন সচেতন ব্যক্তি হিচাপে স্ব‌ইচ্ছাই নিজে প্ৰতিষেধক গ্ৰহণ কৰিছিল বিবেকে । ক’ভিডৰ প্ৰতিষেধকৰ স’তে তেওঁৰ হৃদৰোগৰ কোনো সম্পৰ্ক নাছিল ।’

তেওঁৰ কথাত আংশিক সমৰ্থন জনায় চিকিৎসালয় কৰ্তৃপক্ষই দাবী জনায়, হৃদৰোগ আক্ৰান্ত হোৱাৰ বেলেগ । তেওঁৰ হৃদযন্ত্ৰৰ অৱস্থা অতি শোচনীয় আছিল । প্ৰতিষেধক গ্ৰহণ কৰাৰ বাবে এই ঘটনা সংঘটিত নহ’ব‌ও পাৰে ।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অভিনেতাজনৰ মৃত্যুত শোক প্ৰকাশ কৰি টুইট কৰে, বিশিষ্ট অভিনেতা বিবেকৰ মৃত্যুত অসংখ্য লোক শোকস্তব্ধ । তেওঁৰ কৌতুক সৃজন আৰু বুদ্ধিদীপ্ত সংলাপে মানুহক আনন্দ দিছিল । তেওঁৰ চলচ্চিত্ৰ আৰু তেওঁৰ জীৱন উভয়তে তেওঁৰ দৰ্শন প্ৰকাশ পাইছে । তেওঁ মে পৰিৱেশ আৰু সমাজৰ প্ৰতি সচেতন আছিল সেইটো স্পষ্ট । তেওঁৰ পৰিয়াল, বন্ধু আৰু অনুৰাগীসকললৈ সমবেদনা জনাইছো । ওমঃ শান্তি ।’

অস্কাৰজয়ী সুৰকাৰ এ আৰ ৰহমানে টুইট কৰে, ‘বিশ্বাস হোৱা নাই আপুনি আমাক এৰি থৈ গ’ল । আপোনাৰ আত্মাই শান্তি পাওক । বহু দশক ধৰি আমাক বিনোদন দিছিল । সেই স্মৃতি আমাৰ লগত থাকি যাব ।’

Exit mobile version