বিশ্বজুৰি দীৰ্ঘসময় ধৰি টুইটাৰৰ পৰিসেৱা বন্ধ

210125 twitter jm 0912 e3c9fe834e43a4a63a1e126237acd88d

আজি পুৱাৰ পৰাই বিশ্বৰ বিভিন্ন প্ৰান্তত বহুতে টুইটাৰত লগ ইন কৰোঁতে অসুবিধাৰ সন্মুখীন হৈ আছে । সন্ধিয়াৰ পৰা পুনৰ টুইটাৰ পৰিসেৱাত সমস্যাৰ সৃষ্টি হয় ।

সন্ধিয়া টুইটাৰত ল’ডিঙৰ লগতে লগ আউটতো সমস্যাই দেখা দিয়ে । টুইটাৰে জনায় যে, কাম চলি আছে , শীঘ্ৰে পৰিসেৱা স্বাভাৱিক কৰাৰ চেষ্টা কৰা হৈছে ।

টুইটাৰ ব্যৱহাৰকাৰীসকলে জনায় যে, কম্পিউটাৰত টুইটাৰ ব্যৱহাৰকাৰীসকলেই মূলতঃ এই সমস্যাৰ সন্মুখীন হৈছে । এণ্ড্ৰইড বা আইঅ’এছ ব্যৱহাৰকাৰীসকলে এই সমস্যাৰ সন্মুখীন হ’বলগীয়া হোৱা নাই । টুইটাৰত বহুতেই টুইট কৰে যে, ‘সম্প্ৰতি টুইটসমূহ ল’ড হোৱা নাই ।’

পুৱা ৬:৩০ বজাত টুইটাৰ কৰ্তৃপক্ষই এটা প’ষ্ট কৰি জনায় যে, শীঘ্ৰে ত্ৰুটি সমাধান কৰা হ’ব । ইয়াৰ পাছতো সন্ধিয়া কিয় নতুন সমস্যাই দেখা দিছে সেয়া কৰ্তৃপক্ষই ইতিমধ্যে জনোৱা নাই ।

পৰিসংখ্যাত পোৱা গৈছে, ভাৰতীয় সময় পুৱা পাঁচটাত প্ৰথম সমস্যাৰ সৃষ্টি হয় । প্ৰথমে ৫০ হেজাৰ লোকে এই সমস্যাৰ বিষয়ে জনায় । কিন্তু পুৱা ৫.৪৪ মিনিটত এই সংখ্যা হয় গৈ ৮১ হেজাৰ ।

Exit mobile version