কৰ’না আক্ৰান্ত হৈও ফোনৰ যোগেদি মানুহক সহায় কৰিব জনপ্ৰিয় অভিনেতা ছনু ছুডে

Sonu Sood Facebook 770x433 1

লকডাউনৰ আৰম্ভণিৰ পৰাই মানুহৰ হকে কাম কৰি আহিছে বলিউদৰ জনপ্ৰিয় অভিনেতা ছনু ছুডে । বৰ্তমান সময়ত অভিনেতা ছনু ছুড নিজেই কৰ’নাত আক্রান্ত হৈছে । তেওঁৰ অসুস্থতাই তথাপিও তেওঁক বাধা দিব পৰা নাই। এইবাৰ অভিনেতাজনে নিজ ঘৰৰ পৰাই কাম কৰিবলৈ আৰম্ভ কৰিছে যাক ‘ৱৰ্ক ফ্ৰম হোম’ বুলি কোৱা হয়।

তেওঁ এটা সংবাদ মাধ্যমক কয় যে এইবাৰ তেওঁ ঘৰত বহি সমাজৰ বাবে ফোনত যি ধৰণৰ কাম কৰে সেয়া কৰিব। কাৰণ ছনুৱে যিকোনো পৰিস্থিতিতে মানুহৰ বাবে যুঁজ দিব বিচাৰে।

যোৱা শনিবাৰে অভিনেতাগৰাকীৰ দেহত কৰ’নাৰ উপস্থিতি পোৱা গৈছে বুলি তেওঁ নিজে সামাজিক মাধ্যমত জানিবলৈ দিয়ে । অভিনেতাজন কাহ ৰয় চৰ্দিত ভুগি আছিল। তেওঁ অপেক্ষা নকৰাকৈ কৰ’না পৰীক্ষা কৰালে। পৰীক্ষাৰ ফলাফল অহাৰ আগতে ছনুৰ জ্বৰ হৈছিল। অভিনেতাজন বৰ্তমান মুম্বাইত তেওঁৰ বাসগৃহত এটা ব্যক্তিগত কোঠাত আছে।

ছনুৰ মতে, তেওঁ দৰিদ্ৰ আৰু অসহায় লোকসকলক সহায় কৰিবলৈ বিভিন্ন ঠাইলৈ যাব লগা হয়। বহুলোকে তেওঁৰ বাবে অপেক্ষাত থাকে । গতিকে তেওঁ সকলোৰে স’তে তাৰ কথাকে কয় । কিন্তু ছনুয়ে মাস্ক পিন্ধি আৰু সকলো সাৱধানতা অৱলম্বন কৰাৰ পাছতো তেওঁৰ দেহত ৰোগটো ধৰা পৰাত অভিনেতাগৰাকী আচৰিত নহয়।কাৰণ অভিনেতাজনে কয় যে তেওঁ বহুতো লোকক সাৱধান হোৱাৰ পাছতো শৰীৰত ৰোগটো হোৱা দেখিছে ।

Exit mobile version