সত্যপুৰ মহামায়া মন্দিৰত পূজা-অৰ্চনা আৰম্ভ

জাগ্ৰত মন্দিৰটোৰ উন্নয়নৰ বাবে চৰকাৰী সাহায্যৰ আৰ্জি মন্দিৰ পৰিচালনা সমিতিৰ

WhatsApp Image 2021 04 18 at 5.08.18 PM 1

কোকৰাঝাৰ জিলাৰ গোসাঁইগাওঁ মহকুমাৰ অন্তৰ্গত তথা গুমা বনাঞ্চলৰ মাজত সত্যপুৰত অৱস্থিত ঐতিহাসিক মহামায়া মন্দিৰত ৰাইজৰ লানি নিছিঙা ভিৰ ৷ প্ৰতি বছৰে বহাগৰ এক তাৰিখৰ পৰা সপ্তাহ ব্যাপি চলা মা মহামায়াৰ পূজা-অৰ্চনা কৰিবলৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা ভক্ত প্ৰান ৰাইজ সত্যপুৰত উপস্থিত হৈ মা মহামায়াৰ আশিষ ল’বলৈ আৰম্ভ কৰিছে ।

আজি মন্দিৰ চৌহদত পুৱাৰে পৰা লানি নিছিঙা ভিৰ কৰা পৰিলক্ষিত হয় ৷ বনাঞ্চলৰ মাজত অৱস্থিত মা মহামায়াৰ মন্দিৰত পূজা-অৰ্চনা কৰি বহু লোকৰ নিজৰ মনোবাঞ্ছা পূৰণ হৈছে বুলি ৰাইজে প্ৰকাশ কৰিছে ৷ বিগত বৰ্ষত মহামাৰী কৰ’না ভাইৰাছৰ বাবে এই মন্দিৰত হোৱা নাছিল পূজা-অৰ্চনা । কিন্তু এইবেলি ক’ভিড-১৯ৰ ববে প্ৰসাশনে কঠোৰ নীতি নিয়ম বান্ধি দিছে যদিও সকলো নীতি-নিয়ম মানি পূজা-অৰ্চনা কৰা হৈছে বুলি পৰিচালনা সমিতিয়ে জানিবলৈ দিছে ৷

এই ঐতিহাসিক মহামায়া মন্দিৰটো জাগ্ৰত যদিও বহুতো সমস্যা আছে বুলি পৰিচালনাা সমিতিয়ে প্ৰকাশ কৰিছে ৷ মন্দিৰটোত খোৱা পানী, বিদ্যুৎ যোগানৰ সমস্যা থকাৰ লগতে মন্দিৰৰ আন্তঃগাথঁনিও ভাল নহয় ৷ চৰকাৰে মন্দিৰটো উন্নয়নৰ ক্ষেত্ৰতো কোনো পদক্ষেপ লোৱা নাই বুলি পৰিচালনা সমিতিয়ে অভিযোগ কৰে ৷ মন্দিৰৰ আন্তঃগাথঁনি উন্নয়নৰ বাবে চৰকাৰৰ সহায় বিচাৰিছে পৰিচালনা সমিতিয়ে ।

Exit mobile version