ক’ভিড পজিটিভ প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিং, ভৰ্তি কৰা হ’ল দিল্লীৰ এইমছত

bloombergquint 2019 08 fdbd4198 cb24 4dfb 8121 68953208eced m679161

কৰ’না পজিটিভ প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিং। কৰ’না টেষ্টৰ ৰিপৰ্ট ইতিবাচক হোৱাৰ পাছত সোমবাৰে দিল্লী এইমছত ভৰ্তি কৰোৱা হৈছিল প্ৰাক্তন মন্ত্ৰীগৰাকীক।

দেওবাৰে মনমোহন সিঙে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ এখন পত্ৰ জাৰি কৰি সমগ্ৰ দেশতে কৰ’না সংক্ৰমণৰ বিৰুদ্ধে যুঁজিবলৈ পাঁচ পৰ্যায়ৰ পৰামৰ্শ প্ৰদান কৰে।

প্ৰাক্তন প্ৰধান মন্ত্ৰীগৰাকীয়ে লিখিছে যে সকলো সময়তে সংখ্যাগৰিষ্ঠতাৰ কথা ভাবিলে নহ’ব ।ইয়াৰ পৰিবৰ্তে মনত ৰাখিব লাগে যে দেশৰ কিমান শতাংশ লোকক কৰ’নাৰ প্ৰতিষেধক দিয়া হৈছে ।

দেশত কৰ’না সংক্ৰমণৰ ঘটনা বৃদ্ধি হোৱাৰ বাবে, দিল্লীকে ধৰি কে’বাখনো ৰাজ্যত লকডাউন জাৰি কৰা হৈছে। যোৱা ২৪ ঘণ্টাত, দেশত ২.৭৩ লাখ লোক কৰ’নাত আক্ৰান্ত হৈছে ।

মনমোহন সিঙে তেওঁৰ পত্ৰত লিখিছে যে কৰ’নাৰ বিৰুদ্ধে যুঁজ দিয়াত আমাৰ মুখ্য কাম হ’ব দেশৰ প্ৰতিজন ব্যক্তিক ভেকছিন দিয়া। দেশৰ কিমান জন মানুহক ভেকছিন দিয়া হ’ল তাতকৈ প্ৰয়োজন দেশৰ কিমান শতাংশ লোকক ভেকছিন দিয়া হৈছে সেয়া চোৱাটো ।

ইফালে, এই পত্ৰখনক লৈ মনমোহনৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী হৰ্ষবৰ্ধন।

Exit mobile version