কচুগাঁও উন্নয়ন খণ্ডৰ জৰাজীৰ্ণ পথৰ বাবে ৰাইজৰ দুৰ্ভোগ

WhatsApp Image 2021 04 21 at 5.55.18 PM 1

গোসাঁইগাঁও মহকুমাৰ অন্তৰ্গত গুৰুফেলাত এটি অতি গুৰুত্বপূৰ্ণ পথৰ জৰাজীৰ্ণ অৱস্থাৰ বাবে ৰাইজে চৰম দুৰ্ভোগ ভুগিবলগীয়া হৈছে ৷ গুৰুফেলাৰ এক নম্বৰ হাতিগৰৰ পথটো বিগত প্ৰায় এটা দশকৰ পৰা বিধ্বস্ত হৈ আছে । পথচোৱাৰ উন্নয়নৰ বাবে বিভাগে কোনো গুৰুত্ব দিয়া নাই ৷

উক্ত পথতে গুৰুফেলা হাই স্কুল, কচুগাঁও উন্নয়ন খণ্ড, গাম্বাৰিবিল সমবায় সমিতিৰ কাৰ্যালয়ৰ লগতে গুৰুফেলা আৰক্ষী চকী থকা স্বত্বেও দীৰ্ঘদিনৰ পৰা পথটো যাতায়াতৰ অনুপোযোগী হৈ আছে ৷ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ লগতে উল্লেখিত বিভাগসমূহৰ বিষয়া-কৰ্মচাৰীসকলে প্ৰতিদিনে সমস্যাৰ সন্মুখীন হৈ আহিছে ৷

খৰালী কালত কোনো প্ৰকাৰে যাতায়াত কৰা যায় যদিও বাৰিষা কালত ৰাইজে যমৰ যাতনা ভুগিবলগীয়া হয় ৷ এজাক বৰষুণতে পানীৰে উপচি পৰে পথটো । ফলত পথৰ কোনো চিন-চাপ নোহোৱা হয় আৰু ছাত্ৰ-ছাত্ৰী তথা পথচাৰিসকলে সমস্যাৰ সন্মুখীন হয় ৷

বিশেষকৈ ছাত্ৰ-ছাত্ৰীসকলে পুৱা স্কুললৈ যোৱাৰ সময়তে বাহন এখন গ’লেই পথৰ বোকা পানী ছিটিকি ইউনিফৰ্ম নষ্ট হয় আৰু ছাত্ৰ-ছাত্ৰীসকল ঘৰলৈ উভতি যাবলগীয়া হয় ৷ আনকি পুখুৰী সদৃশ গাঁতৰ বাবে মটৰচাইকেল তথা চাইকেল আৰোহীসকলে দুৰ্ঘটনাত পতিত হয় ৷

গুৰুফেলাৰ মূল বিভাগসমূহ উক্ত পথতে অৱস্থিত যদিও আজিলৈকে পথটো পকীকৰণ নোহোৱাত ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷

উল্লেখ্য যে, কচুগাঁও উন্নয়ন খণ্ডৰ কাৰ্যালয় পথটোত অৱস্থিত হোৱা স্বত্বেও কি কাৰণত দীৰ্ঘদিনৰ পৰা পথটোৰ উন্নয়ন নহ’ল সেয়া ৰাইজে প্ৰশ্ন কৰিছে ৷ পথটো পকীকৰণৰ বাবে ৰাইজে বিভাগীয় কৰ্তৃপক্ষৰ ওচৰত দাবী জনাইছে ৷

Exit mobile version