পুনৰ ত্ৰাসৰ সৃষ্টি কৰিছে কৰ’না মহামাৰীয়ে। আকৌ ছ’চিয়েল মিডিয়া উপচি পৰিছে বিভিন্ন ভিডিঅ’ বাৰ্তা, মিমৰ স’তে । পিছ পৰি ৰোৱা নাই বলীউদৰ তাৰকা ছাৰা আলী খান ।এইবাৰ সতৰ্কবাণী লৈ নিজৰ ইনষ্টাগ্ৰাম একাউন্টত ভিডি’অ প’ষ্ট কৰিলে অভিনেত্ৰী ছাৰা আলি খানে।
বিগত বৰ্ষৰ জুন মাহত এ-কেল নামৰ গায়কৰ এটা দলে ‘মাস্ক অন’ নামৰ এটা গানৰ ভিডিঅ’ নিৰ্মাণ কৰিছিল। ইয়াৰ উদ্দেশ্য হৈছে মাস্ক পৰিধানৰ বিষয়ে ৰাইজক সতৰ্ক কৰা।
অভিনেত্ৰীগৰাকীয়ে সেই গানটো বজাইছে। তেওঁ গানটোৰ সুৰলৈ ইংগিত দি বুজাইছে যে ঘৰৰ বাহিৰলৈ গ’লে কৰিবলগা আটাইতকৈ গুৰুত্বপূৰ্ণ কামটো হ’ল মাস্ক পিন্ধা।
ছাৰা আলীয়ে এটা উজ্জ্বল ক’লা পোছাক পিন্ধি এখন ৰেষ্টুৰেণ্ট বহি আছে । ভিডিঅ’টো আৰম্ভ হোৱাৰ লগে লগে তেওঁ দেখুৱালে যে তেওঁ দুৱাৰৰ পৰা ওলাই অহাৰ আগতে মাস্ক পৰিধান কৰিছে ।
https://www.instagram.com/p/CN5rf9ABjWZ/?utm_source=ig_embed
তেওঁ বগা ৰঙৰ এখন মাস্ক পিন্ধি কেমেৰাৰ ফালে খোজ দিয়ে। ছাৰাই হাতৰ মুদ্ৰাৰে বুজাই দিলে, এইটো সঠিক কাম । পিছফালে বজোৱা গানটোৰ অৰ্থ হ’ল, ‘আপোনাৰ নাক আৰু মুখ ঢাকি ৰাখক। মাস্কৰ অবিহনে বাহিৰলৈ নাযাব ।’