জনপ্ৰিয় অভিনেত্ৰী ছাৰা আলি খানৰ মতে মাতৃ অমৃতাই এসময়ত হতাশাত ভুগিছিল। এক সাক্ষাৎকাৰত মাতৃ অমৃতা সিঙৰ বিষয়ে ছাৰাই কয় , মোৰ মাতৃয়ে জীৱনত বহু সহ্য কৰিছে । বহুতো কঠিন পৰিস্থিতিৰ সন্মুখীন হলেও হাৰ মনা নাছিল মোৰ মাতৃয়ে ।
ছাৰাই কয় যে তেওঁৰ মাতৃ অমৃতা সিঙৰ সকলো থকাৰ পাছতো জীৱনত বহুত সহ্য কৰিবলগীয়া হৈছে । ফলস্বৰূপে এটা সময়ত তেওঁ জীৱনত হতাশাত ভুগিবলৈ আৰম্ভ কৰিছিল । কিছুদিন পিছত পুনৰ তেওঁ সকলো ঠিক হব বুলি আশা কৰি কাম কৰিবলৈ আৰম্ভ কৰে ।
অমৃতাৰ স্বামী ছেইফ আলী খান শেহতীয়াকৈ চতুৰ্থবাৰৰ বাবে পিতৃ হৈছে। অমৃতা আৰু ছেইফ আলী খনৰ কন্যা ছাৰাই পিতৃ ছেইফ আলী খান আৰু কৰিণা আলী খানৰ নৱজাতকক চাবলৈ ছেইফৰ নতুন ঘৰত উপস্থিত হয়। অভিনেত্ৰী গৰাকীয়ে কণমানি ভাতৃক লগ পোৱাৰ পিছতে মাতৃ অমৃতাৰ লগত আজমেৰ শৰিফলৈ ৰাওনা হয়।