ড্ৰাই ফ্ৰুইটৰ ভিতৰত খেজুৰ এটা অন্যতম খাদ্য। ইয়াত কিছুমান গুৰুত্বপূৰ্ণ ভিটামিন, খনিজ আৰু প্ৰচুৰ আঁহ থাকে। প্ৰতি ১০০ গ্ৰাম খেজুৰত ২৭৭ কয়ালোৰি, ৭৫ গ্ৰাম কাৰ্বোহাইড্ৰেট, সাত গ্ৰাম আঁহ, দুই গ্ৰাম প্ৰটিনৰ উপলব্ধ। সেয়েহে, এইটো বিশ্বাস কৰা হয় যে যদি দৈনিক আহাৰত তিনিটা খেজুৰ ৰাখিব পাৰি, তেন্তে বহুতো জটিল স্বাস্থ্য সমস্যাৰ পৰা সকাহ পাব পাৰি।
খেজুৰৰ ভিতৰত আছে পটাছিয়াম, কপাৰ, য়াঙ্গানিজ,আইৰণ আৰু ভিটামিন ছিক্স। পৰ্যাপ্ত পৰিমাণৰ ফাইবাৰ থকা খেজুৰ খালে শৰীৰত ফাইবাৰৰ পৰিমাণ বাঢ়ে।
খেজুৰত থকা এই ফাইবাৰ কোষ্ঠকাঠিন্য দূৰ কৰে। চিকিৎসকে গৰ্ভৱতী মহিলাসকলক এই কাৰণত প্ৰতিদিনে খেজুৰ খাবলৈ পৰামৰ্শ দিয়ে।
খেজুৰত থকা আঁহে ৰক্ত শৰ্কৰা নিয়ন্ত্ৰণ কৰাত সহায় কৰে। কিয়নো আঁহ লাহে লাহে হজম হয়।
এইকাৰণে খেজুৰ খোৱাৰ পাছত ৰক্ত শৰ্কৰাৰ স্তৰ বৃদ্ধি হোৱাত বাধা দিয়ে। সেইকাৰণে খেজুৰত গ্লাইচেমিক সূচক কম।
খেজুৰ হৈছে প্ৰাকৃতিক মিঠাই বা য়াচাৰাল চেনী। কিয়নো ইয়াত থাকে ফুক্টোজ । চেনীৰ সলনি খেজুৰ খোৱাটো স্বাস্থ্যকৰ।
খেজুৰত যথেষ্ট পৰিমাণৰ এণ্টিঅক্সিডেণ্ট থাকে। য’ত কযয়াৰেটিনেডছ আৰু ফেনালিক এচিড উল্লেখ কৰা হৈছে। এই সকলোবোৰ এণ্টিঅক্সিডেণ্টৰ বাবে অলজাইমাৰ ৰোগ, কিছুমান প্ৰকাৰৰ কৰ্কট ৰোগ, হৃদৰোগ, চকুৰ বিভিন্ন সমস্যা আৰু ডায়েবেটিচ মোকাবিলা কৰে।
খেজুৰত পৰ্যাপ্ত খনিজ পদাৰ্থ থাকে, বিশেষকৈ ফছফৰাছ, পটাছিয়াম, মেগনেছিয়াম। এই খনিজ পদাৰ্থবোৰে হাড় সম্পৰ্কীয় বিভিন্ন সময়ত কাম কৰে, যেনে অষ্টিওপোৰোচিছ মেকাবিলা।
যদি আপুনি বিচাৰে,তেন্তে খেজুৰ আন কিবাৰ স’তেও মিহলি কৰি খাব পাৰে। কিন্তু ইমানবোৰ সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ তিনিটা খেজুৰ নিয়মীয়া আহাৰত ৰাখিবলৈ নাপাহৰিব।