‘দোস্তানা ২’ত কার্তিকৰ পৰিৱর্তে অক্ষয়

521cced2 2acf 11ea 8266 2aa83479d6f9

‘দোস্তানা ২’ত অভিনয় কৰিব অক্ষয় কুমাৰে। কার্তিক আৰিয়ানক আঁতৰাই বলিউডৰ প্রথম শাৰীৰ তাৰকাজনক নিজৰ ছবিত লােৱাৰ সিদ্ধান্ত ল’লে ধর্মা প্ৰডাকচনৰ স্বত্বাধিকাৰ কৰণ জোহৰে।

এই কথা সদৰী কৰিছে প্রযােজক সূত্রই। অভিষেক বচ্চন- জন আব্রাহাম-প্রিয়ংকা চোপ্রা অভিনীত ছুপাৰহিট ছবি ‘দোস্তানা’ৰ ছিকুৱেলৰ বাবে চুক্তিবদ্ধ কৰা হৈছিল নৱ-প্ৰজন্মৰ জনপ্রিয় অভিনেতা কার্তিকক।

কিন্তু প্রযােজক জোহৰৰ স’তে হােৱা মনােমালিন্যৰ বাবে “দোস্তানা ২’ৰ পৰা কার্তিক বাদ দিয়া হয়। এই কথাক কেন্দ্ৰ কৰি সামাজিক মাধ্যমত যথেষ্ট প্রতিক্রিয়াৰাে সৃষ্টি হৈছিল। বহুতেই কার্তিকক বাদ দিয়াৰ বাবে জোহৰক সমালােচনা কৰিছিল।

আনকি সততে সৰৱ হৈ থকা অভিনেত্রী কংগনা ৰণৌটেও জোহৰক পুনৰ আক্ৰমণ কৰে। সুশান্ত সিং ৰাজপুতৰ আত্মহত্যাৰ পাছত সৃষ্টি হােৱা বলিউডৰ স্বজন-তােষণৰ বিতৰ্কৰ সময়তাে কংগনাই প্রযােজক-পৰিচালক জোহৰক কঠোৰভাৱে আক্রমণ কৰিছিল।

এইবাৰাে টুইটযােগে জোহৰক আক্রমণ কৰি কংগনাই মন্তব্য কৰিছে যে সুশান্তৰ দৰে যাতে কার্তিককো আত্মঘাতী হ’বৈ বাধ্য নকৰে। কার্তিকক বাদ দিয়াৰ পাছত তেওঁৰ পৰিৱর্তে কাক লােৱা হ’ব বুলিও চর্চা চলিছিল। কার্তিক লগতে ছবিখনৰ বাবে চুক্তিবদ্ধ কৰা হৈছিল জাহ্নৱী কাপুৰ আৰু টিভি অভিনেতা লক্ষ্য লালৱানিক।

সূত্রই জনােৱা মতে, ‘দোস্তানা ২’ৰ বাবে জোহৰেই ছুপাৰষ্টাৰ অক্ষয়ক প্ৰস্তাৱ দিয়ে। লগতে জোহৰে আবেদন জনায় যে ধর্মা প্ৰডাকচনৰ এই জটিল পৰিস্থিতিৰ পৰা যাতে অক্ষয়ে ৰক্ষা কৰে।

অক্ষয়ৰ সন্মতি সন্দৰ্ভত এই পর্যন্ত সূত্ৰটোৱে একো জনােৱা নাই। কিন্তু জাহ্নৱী আৰু লক্ষ্যৰ বয়সৰ স’তে যিহেতু অক্ষয়ৰ বয়সৰ যথেষ্ট প্রভেদ আছে, সেয়ে চিত্রনাট্যত অক্ষয়ৰ চৰিত্ৰটো সালসলনি ঘটোৱা হৈছে বুলি সূত্রই জনাইছে।

Exit mobile version