কৰ্ণাটকত এদিনত ৩৪ হেজাৰতকৈ অধিক লোক সংক্ৰমিত

মংগলবাৰৰ পৰা দুসপ্তাহৰ সান্ধ্য আইন জাৰি

coronaviruspatients

কৰ্ণাটকত ক’ভিড সংক্ৰমণ বৃদ্ধিৰ ফলত উদ্বেগজনক পৰিস্থিতিৰ সৃষ্টি হৈছে । এদিনত ৩৪ হেজাৰতকৈও অধিক লোক সংক্ৰমিত হৈছে । সেয়ে দুসপ্তাহৰ বাবে সান্ধ্য আইন বলৱৎ কৰিলে কৰ্ণাটক চৰকাৰে । কালিৰ পৰা কাৰ্যকৰী হ’ব এই আইন ।

কৰ্ণাটকৰ স্বাস্থ্য বিভাগে জনায় যে, বিগত ২৪ ঘণ্টাত ৰাজ্যখনত ৩৪ হেজাৰ ৮০৪ জন লোক ক’ভিড-১৯ত আক্ৰান্ত হৈছে । সম্প্ৰতি ৰাজ্যখনত মুঠ ১৩ লাখ ৩৯ হেজাৰ জন লোক ক’ভিডত সংক্ৰমিত হৈছে । বিগত ২৪ ঘণ্টাত ১৪৩ জন লোকৰ মৃত্যু হৈছে । কৰ্ণাটকত মুঠ মৃত্যুৰ সংখ্যা হৈছে ১৪ হেজাৰ ৪২৬ জন ।

কৰ্ণাটকৰ বাংগালোৰুৰ পৰিস্থিতি আটাইতকৈ সূচনীয় । চহৰখনত এদিনত ২০ হেজাৰ ৭৩৩ জন লোক ক’ভিড-১৯ত আক্ৰান্ত হৈছে । ৰাজ্যখনৰ সংক্ৰমণৰ হাৰ ২০ শতাংশ । অৰ্থাৎ প্ৰতি পাঁচটা নমুনাত এটা পজিটিভ পোৱা গৈছে ।

সেয়ে সংক্ৰমণ ৰোধ কৰিবৰ বাবে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিবলৈ বাধ্য হৈছে কৰ্ণাটক চৰকাৰ ।

Exit mobile version